কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে বিগত ১২ বছৰত দেশক সুযোগ, উদ্ভাৱন আৰু আত্মবিশ্বাসৰ জৰিয়তে এখন অভিলাষী দেশলৈ উন্নীত কৰিছে। সংবাদ মাধ্যমক উদ্দেশ্যে ড০ সিঙে কয় যে প্রশাসনীয় সংস্কাৰ, প্ৰযুক্তিগত গণতান্ত্রিকীকৰণ আৰু নাগৰিক-কেন্দ্ৰিক নীতিৰ জৰিয়তে দেশৰ জনসাধাৰণৰ ভৱিষ্যতৰ দৃষ্টিভংগী সলনি হৈছে।
তেওঁ লগতে কয় যে দেশৰ মহাকাশ অর্থনীতি সদ্যহতে ৯০০ কোটি আমেৰিকান ডলাৰৰ যদিও অহা ৭ৰ পৰা ৮ বছৰৰ ভিতৰত এই পৰিমাণ প্রায় ৪৫০০ কোটি আমেৰিকান ডলাৰ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে। ২০১৪ চনৰ ৪০০টা ষ্টার্ট আপৰ বিপৰীতে সম্প্রতি দেশত ২ লাখ ৩০ হাজাৰতকৈও অধিক ষ্টার্ট আপ গঢ়ি উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে প্রায় ২৫ লাখ নিয়োগৰ সুবিধা সৃষ্টি হৈছে।
চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ সফল অৱতৰণে বিজ্ঞানৰ প্ৰতি জনসাধাৰণৰ ধাউতি বৃদ্ধি কৰিছে বুলিও তেওঁ উল্লেখ কৰে। চৰকাৰৰ দীৰ্ঘদিনীয়া নীতি কেৱল অর্থনৈতিক প্রগতিয়েই নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ২০৪৭ চনলৈ বিকশিত ভাৰতৰ দৃষ্টিভংগী সফল কৰি তোলাৰ উদ্দেশ্যে এখন শক্তিশালী আৰু অভিলাষী সমাজ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে।