কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্র সিঙে আজি ভাৰত বিভাজনক ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল আখ্যা দি কয় যে পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ পি ও কেৰ বিষয়টো ভাৰত আৰু পাকিস্তানৰ মাজত একমাত্র অমীমাংসিত হৈ আছে।
নতুন দিল্লীৰ কাশ্মীৰী সাংস্কৃতিক কেন্দ্ৰত পি ও জে কে য়ুথ ফ’ৰামৰ সহযোগিতাত জম্মু কাশ্মীৰ পিপলছ ফ’ৰামে আয়োজন কৰা ২৭ সংখ্যক কার্গিল বিজয় দিৱস স্মাৰক অনুষ্ঠানত ভাষণ দি ড° সিঙে এই কথা প্রকাশ কৰে।
ড° সিঙে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰতিৰক্ষা কৌশলক এক প্রতিক্রিয়াশীল দৃষ্টিভংগীৰ পৰা ৰূপান্তৰ ঘটাই বাহ্যিক আক্ৰমণৰ বিৰুদ্ধে নির্ণায়ক আৰু সক্রিয় সঁহাৰি হিচাপে গঢ় দি তুলিছে। মন্ত্ৰীগৰাকীয়ে কার্গিল বিজয় দিৱসক ভাৰতৰ একতা আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰৰ অটল প্ৰতিশ্ৰুতিৰ এক স্মাৰক আখ্যা দিয়ে।
কার্গিলৰ শিক্ষা আজিও প্ৰাসংগিক হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশখনে সম্মুখীন হোৱা প্রত্যাহ্বানসমূহে নিৰন্তৰ সতৰ্কতা আৰু ৰাষ্ট্ৰীয় একতাৰ দাবী অব্যাহত ৰাখিছে।
বাহ্যিক আক্ৰমণৰ প্ৰতি নিৰ্ণায়কভাৱে সঁহাৰি জনাবলৈ সক্ষম সক্রিয় কৌশলৰ সৈতে সীমান্ত ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে প্রতিক্রিয়াশীল নিৰাপত্তা মতবাদ সলনি কৰি দেশে সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতা নীতিৰে ইয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিভংগী মৌলিকভাৱে সলনি কৰিছে বুলি ড° সিঙে উল্লেখ কৰে।
উল্লেখযোগ্য যে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত সর্বোচ্চ ত্যাগ কৰা সাহসী সৈনিকসকলক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।