চৰকাৰে কাইলৈ লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক, ২০২৬ লোকসভাত উত্থাপন কৰিব। বিধেয়কখন সদনৰ কাইলৈৰ কার্যক্রমণিকাত অন্তর্ভুক্ত কৰা হৈছে।
এই বিধেয়কখনৰ জড়িয়তে ২০২৪-চনৰ লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ আইনখন সংশোধন কৰিব বিচৰা হৈছে। কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙে এই বিধেয়কখন উত্থাপন কৰিব।
কেন্দ্রীয় মন্ত্রী সভাই শুকুৰবাৰে প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এনে ঘটনাত বিচাৰ কৰিবলৈ দ্রুত আদালত গঠন আৰু দোষীসকলক কঠোৰ শাস্তি বিহাৰ বাবে এখন খচৰা বিধেয়কত অনুমোদন দিছিল।