July 27, 2026 10:10 AM
2
লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ উত্থাপন কৰা হ’ব
লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ উত্থাপন কৰা হ'ব। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) আইন ২০২৪ৰ সংশোধন কৰা হ'ব। কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে এই বিধেয়কখন উত্থাপন কৰিব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্রীয় মন্ত্রীসভাই পৰীক্ষাত অসৎ উপায় অবলম্বন আৰু প্ৰশ্নকাকত ফাদিল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্টট্রেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়।