চৰকাৰে তিনি বছৰ সম্পূর্ণ নোহোৱাকৈৱে ষ্টার্ট আপসমূহে গবেষণা, বিকাশ আৰু উদ্ভাৱন পুঁজিৰ সুবিধা লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীত বৈজ্ঞানিক আৰু ঔদ্যোগিক গবেষণা বিভাগ ডি এছ আই আৰৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে এই কথা ঘোষণা কৰি কয় যে যিকোনো নতুন ষ্টাৰ্ট আপেও এই পুঁজিৰ সুবিধা লাভ কৰিব পাৰিব। ড০ সিঙে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰমাণু খণ্ড আৰু মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে। শ্রীসিঙে কয় যে ভাৰতে কেৱল প্রধানমন্ত্রী আত্মনিৰ্ভৰ ভাৰতৰ সপোনক বাস্তৱায়িত কৰাই নহয় বৰঞ্চ আন আন দেশসমূহেও নিৰ্ভৰ কৰিব পৰা এখন দেশ হিচাপে আত্মপ্রকাশ কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে ভাৰতৰ গবেষণা আৰু উন্নয়ন তথা উদ্ভাৱন পৰিস্থিতি তন্ত্রক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে প্রকাশ কৰে।
Assamese | January 4, 2026 7:59 PM | Union Minister Dr Jitendra Singh
চৰকাৰে তিনি বছৰ সম্পূর্ণ নোহোৱাকৈৱে ষ্টার্ট আপসমূহে গৱেষণা, বিকাশ আৰু উদ্ভাৱন পুঁজিৰ সুবিধা লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্রী ড০ জিতেন্দ্র সিঙ