ভাৰত আৰু দক্ষিণ কোৰিয়াই লোক প্ৰশাসন আৰু ডিজিটীয় প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে উভয় দেশৰ প্ৰতিশ্ৰুতিদ্ধতাক দোঁহাৰিছে। আজি নতুন দিল্লীত কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী য়ুন হুজুংগৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।
এই আলোচনাত ডিজিটীয় প্রশাসন, ই প্ৰশাসন, সামর্থ বৃদ্ধি আৰু নাগৰিক কেন্দ্ৰীক সেৱা প্ৰদানৰ ক্ষেত্ৰত উভয় দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ড০ সিঙে কয় যে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ে গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্যৰ লগতে আইনৰ শাসনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ।
শ্রীসিঙে লগতে উভয় দেশে লোক প্ৰশাসন আৰু উদ্ভাৱন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা কৰা বুলি উল্লেখ কৰে।