November 11, 2025 6:21 PM

views 75

ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বঃ সৌৰভ গাংগুলী

ভাৰতৰ জাতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁ কয়, যে ভাৰতীয় বাতাবৰণত খেলাটো ইমান সহজসাধ্য নহয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰৰ পৰা ক’লকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ'ব। বেংগল ক্রিকেট সংস্থাৰ অধ্যক্ষ শ্ৰী গাংগুলীৰ মতে এই খেলখনত দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। ভাৰতীয় দলৰ পেছাৰ মহম্মদ চিৰাজে কয়, যে নতুন বিশ্ব টেষ্ট চেম্পিয...

November 6, 2025 2:47 PM

views 55

সাংসদ খেল মহোৎসৱৰ অংশ হিচাপে অহা ১৬ নৱেম্বৰত নমো ৰান মাৰাথনৰ আয়োজন

● সাংসদ খেল মহোৎসৱৰ অংশ হিচাপে অহা ১৬ নৱেম্বৰত নতুন দিল্লীত নমো ৰান মাৰাথনৰ আয়োজন কৰা হৈছে। কৰ্প'ৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী হর্ষ মলহোত্রাই খেল মহোৎসৱ উদ্বোধন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্রায় ৩০ হাজাৰ প্ৰতিযোগীয়ে খেল মহোৎসৱত পঞ্জীয়ন কৰিছে। তিনিটা পৰ্যায়ত আয়োজন কৰা এই মহোৎসৱত ভাৰতীয় পৰম্পৰাগত খেলসমূহৰ উপৰি অলিম্পিকত অন্তৰ্ভুক্ত কৰা খেলো অনুষ্ঠিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে প্রতিযোগিতাত ভাল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হোৱা খেলুৱৈসকলক প্ৰশিক্ষক আৰু অন্য...

November 6, 2025 2:36 PM

views 80

পাঁচখনীয়া টী-২০ৰ চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজ ৰ পাঁচখনীয়া টী-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল কুইন্সলেণ্ডত অনুষ্ঠিত হৈছে। খেলখনত অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শৃংখলাত এতিয়ালৈকে দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে৷

November 6, 2025 12:01 PM

views 101

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অব্যাহত থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থ খেলখন আজি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেৰাৰা অ'ভেলত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত খেলখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে, শেহতীয়াকৈ হোবার্টত অনুষ্ঠিত প্রতিযোগিতাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰিছিল আৰু এতিয়ালৈ শৃংখলাত উভয় দলে এখনকৈ খেলত জয়ী হৈছে। ইপিনে, অষ্ট্ৰেলিয়াই চতুর্থ খেলখনৰ বাবে দলত কেইবাটাও সালসলনি কৰি ট্ৰাভিছ হেড আৰু শ্বেন এবটক বিশ্রাম দিছে।

November 4, 2025 11:54 AM

views 74

মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ

◆ মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ খিতাপ জিনাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ, প্ৰশিক্ষক, নির্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। দলটোৰ ধাৰাবাহিক প্ৰদৰ্শন, প্ৰতিভা আৰু একতাই বি চি চি আইৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু প্ৰচেষ্টাক সাকাৰৰূপ দিয়া বুলি বি চি চি আইৰ অধ্যক্ষ মিথুন মানহাছে মন্তব্য কৰিছে। উল্লেখযোগ্য যে, ভাৰতে যোৱা দেওবাৰে নিশা নৱী মুম্বাইৰ ড০ ডি ৱ...

October 28, 2025 11:09 AM

views 98

কাইলৈ গুৱাহাটীত আই চি চি মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বি চি চি আইৰ সচিব দেৱজিৎ লন শ‍ইকীয়াই কালি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ছেমি ফাইনেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কাইলৈ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমত প্ৰথমবাৰৰ বাবে হ'বলগীয়া মহিলা বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেল খেলখনৰ বাবে বুক মাই শ্বত টিকট উপলব্ধ বুলি শ্ৰীশ‍ইকীয়াই জানিবলৈ দিয়ে।

October 24, 2025 9:23 PM

views 65

কাইলৈ ছিদনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল কাইলৈ ছিদনীত অনুষ্ঠিত হ'ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ'ব। অষ্ট্ৰেলিয়াই ইতিমধ্যে প্রথম দুখন খেলত জয়লাভ কৰি ২-০ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। শীর্ষ বাছনিপ্রাপ্ত ভাৰতীয় দলটোৱে ৮খন খেলত জয়লাভ কৰাৰ পাছত একেৰাহে দুখন খেলত পৰাজিত হৈছে। এদিনীয়া ক্ৰিকেটত প্ৰথমবাৰৰ বাবে শূন্যত আউট হোৱা বিৰাট কোহলীৰ ফৰ্ম ভাৰতৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। নৱনিযুক্ত অধিনায়ক শুভমন গীলেও বেটেৰে বিশেষ প্ৰদৰ্শন কৰিব পৰা নাই।

October 24, 2025 6:21 PM

views 114

এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল’ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল'ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ কৰে। ছোৱালীৰ দলটোৱে ফাইনেলত ইৰাণক ৭৫ ২১ পৰাস্ত কৰে। নেহা পেটেলে ২৮ পইণ্ট সংগ্ৰহ কৰে। একেদৰে ল'ৰাৰ দলটোৱে ফাইনেলত ইৰাণক ৩৫-৩২ ত পৰাস্ত কৰে। এই দুটা স্বর্ণ পদক বিজয়ৰে ভাৰতে পদক তালিকাৰ শীৰ্ষলৈ নিজক উন্নীত কৰিবলৈ সমৰ্থ হৈছে।

October 24, 2025 6:19 PM

views 93

আই চি চি মহিলা বিশ্বকাপত নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্ৰথমে বেট ধৰি অপেনাৰ প্ৰতীকা ৰাৱল আৰু স্মৃতি মান্ধানাৰ শতকৰ সহায়ত ৪৯ অভাৰত তিনিটা উইকেট হেৰুৱাই ৩৪০ ৰানৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বৰষুণৰ বাবে খেলখন ৪৯ অভাৰতে সীমিত কৰা হয়। মান্ধানাই ১০৯ আৰু ৰাৱলে ১২২ ৰান কৰে। নিউজিলেণ্ডক ডাক ৱৰ্থ লুইচ পদ্ধতিৰে ৪৪ অভাৰত ৩২৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। নিউজিলেওে নিৰ্ধা...

October 22, 2025 2:51 PM

views 79

আই চি চি মহিলা বিশ্বকাপত আজি বিয়লি ৩ বজাত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ

■ আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি হলকাৰ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। কলম্বোত যোৱা নিশা অনুষ্ঠিত ৰাউণ্ড ৰবীন লীগ পৰ্যায়ৰ এখন বর্ষাবিঘ্নিত খেলত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত কৰে। ডাক ৱৰ্থ লুইছ পদ্ধতিৰে দলটোৱে মেৰিজেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৌৰা ৱলভাৰ্ডছৰ ৯০ ৰানৰ সহায়ত পাকিস্তানক পৰাস্ত কৰে। বৰষুণৰ বাবে আৰম্ভ হওঁতে বিলম্ব হোৱাৰ পাছত খেলখন ৪০ অভাৰত সীমিত কৰা হয়। দক্ষিণ আফ্ৰিকাই ৯ট...