October 16, 2025 9:42 AM

views 61

পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ প্রতিযোগিতাত নেপাল আৰু ওমানৰ স্থান নিশ্চিত

নেপাল আৰু ওমান এছিয়া তথা পূব এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ যোগ্যতা নিৰ্ণয়কাৰী পৰ্যায়ৰ পৰা অহা বছৰ হ'বলগীয়া পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ প্রতিযোগিতাত স্থান নিশ্চিত কৰা প্ৰথম দুটা দলৰূপে পৰিগণিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ছামোৱাক পৰাস্ত কৰাৰ লগে লগে মূল প্রতিযোগিতাত নেপাল আৰু ওমানে স্থান নিশ্চিত কৰে। গ্ৰুপ পৰ্যায়ত অপৰাজিত হৈ থকা নেপালে ছুপাৰ ছিক্স পৰ্যায়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কাটাৰক পৰাস্ত কৰে। ইপিনে যোগ্যতা অর্জনকাৰী তৃতীয়খন দেশৰূপে পৰিগণিত হোৱাৰ বাটত আমেৰিকা যুক্তৰাষ্ট্ৰই আজি এ...

October 16, 2025 10:06 AM

views 53

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাত লক্ষ্য সেন পুৰুষৰ ছিংগলছৰ আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী- চিৰাগ ছেট্টি পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টি যুটিটোৱে পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অ’ডেনছত কালি অনুষ্ঠিত এখন খেলত বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ লক্ষ্য সেনে আয়াৰলেণ্ডৰ নাইট গুয়েনক ১০-২১, ২১–৮, ২১-১৮ গেমত পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈগৰাকীয়ে আজি ডেনমাৰ্কৰ এণ্ডাৰ্ছ এণ্টনছেনৰ মুখামুখি হ'ব। ইপিনে পুৰুষৰ ডাবলছৰ ষষ্ঠ বাছনিপ্ৰাপ্ত স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টিৰ যুটিটোৱে ...

October 14, 2025 11:56 AM

views 72

ডেনমার্ক অপেন ২০২৫ত লক্ষ্য সেন আৰু পুৰুষৰ শীৰ্ষ যুটী ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীয়ে ভাৰতক নেতৃত্ব দিব

● বেডমিণ্টনত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেন আৰু পুৰুষৰ শীৰ্ষ যুটী ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীয়ে আজি আৰম্ভ হ'বলগীয়া ডেনমার্ক অপেন ২০২৫ত ভাৰতক নেতৃত্ব দিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনৰ সৈতে আয়ুষ চেট্টীয়ে যোগদান কৰিব। পুৰুষৰ ডাবলছত ষষ্ঠ বাছনিৰ ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীৰ লগতে ছাই প্রতীকে আৰু পৃথ্বী কৃষ্ণমূৰ্তিৰায়ে অংশগ্রহণ কৰিব। মহিলাৰ ছিংগলছত ভাৰতৰ আনমোল খাবেই প্ৰৱেশ কৰিছে। মিক্সড ডাবলছত অলিম্পিয়ান তানিশা ক্ৰাষ্ট’ৱে ধ্ৰুৱ কপিলাৰ সৈতে অংশ লোৱাৰ লগতে মহিলাৰ ডাবল...

October 14, 2025 11:54 AM

views 75

আই চি চি মহিলা বিশ্বকাপত বিয়লি ৩ বজাত শ্রীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

● আই চি চি মহিলা এদিনীয়া ক্রিকেট বিশ্বকাপৰ কালি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্রিকাই বাংলাদেশক ৩ উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত শ্বাৰ্মিন আখটাৰ আৰু শ্ব'ৰ্ণা আখটাৰৰ অৰ্ধশতকৰ সহায়ত ৬ উইকেটৰ বিনিময়ত ২৩২ ৰান কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ তিনিটা বল বাকী থকা অৱস্থাত ৭টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ ক্ল’ ট্রায়ন আৰু মাৰিজেন কেপে অর্ধশতক কৰে। ট্রায়নক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। কালিৰ এই জয়ৰ পাছত দক...

October 13, 2025 8:41 PM

views 90

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত ভাৰতৰ বাবে ১২১ ৰাণৰ লক্ষ্য

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত জয়ৰ বাবে প্ৰয়োজনীয় ১২১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে নিজৰ দ্বিতীয় ইনিংছত আজি চতুর্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে এটা উইকেটৰ বিনিময়ত ৬৩ ৰাণ সংগ্ৰহ কৰিছে। চতুর্থ দিনৰ খেলৰ অন্তত কে এল ৰাহুল ২৫ আৰু সাই সূদৰ্শন ৩০ ৰানত অপৰাজিত হৈ আছিল । ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে নিজৰ দ্বিতীয় ইনিংছ ৩৯০ ৰানত সামৰে। দলটোৰ হৈ জন কেম্পৱেলে ১১৫, সাই হোপে ১০৩ আৰু জাষ্টিন গ্ৰীভছে ৫০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱ আৰু যশপ্রীত বুমৰাই ৩ টাক...

October 8, 2025 9:03 PM

views 100

অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি এদিনীয়া মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পাকিস্তানে টছত জিকি অষ্ট্ৰেলিয়াক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২২১ ৰান সংগ্ৰহ কৰে। দলৰ হৈ বেথ মুনিয়ে সৰ্বাধিক ১০৯ কৰে। পাকিস্তানৰ হৈ নাশা সান্ধুৱে ৩টা, ৰামিন শ্বামিম আৰু ফাতিমা ছানাই ২টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ বিশাখাপট্টনমত হ'বলগীয়া এখন খেলত ভাৰত ...

October 8, 2025 8:59 PM

views 79

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ বাঘাপাৰাত আঞ্চলিক ফুটবল প্রাইজমানি প্ৰতিযোগিতা আৰম্ভ

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ বাঘাপাৰাত আজি আঞ্চলিক ফুটবল প্রাইজমানি প্ৰতিযোগিতা আৰম্ভ হৈছে। অসম আৰু মেঘালয়ৰ মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক আমিনুল ইছলাম, জিলা পৰিষদৰ সভানেত্রী তানজিনা খান আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মেঘালয়ৰ নতুন ভাইটবাৰী ক্লাৱ আৰু মানকাচৰৰ টেপৰপাৰা ফুটবল ক্লাৱৰ মাজত হোৱা উদ্বোধনী খেলখনত মানকাচৰ দল ২-০ গলত বিজয়ী হয়।

October 7, 2025 12:32 PM

views 96

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি বিয়লি ৩ বজা বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ’ব

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব। বিশ্বকাপত দুয়োটা দলে ইতিমধ্যে একোখনকৈ খেলত জয়ী হৈছে। ইপিনে ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা ২৩২ ৰান দক্ষিণ আফ্ৰিকাই ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে। দলৰ হৈ তাজমিন ব্ৰিটছে ১০১ আৰু ছুনে লুছে অপৰাজিত ৮৩ ৰান কৰে। তাজমিন ব্ৰিটছক প্লেয়াৰ...

October 7, 2025 12:34 PM

views 88

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতে জয়েৰে অভিযান আৰম্ভ

● কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। কালি অনুষ্ঠিত গ্ৰুপৰ প্ৰথমখন খেলত ভাৰতে নেপালক ২-০ৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে আজি শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কালি অনুষ্ঠিত গ্ৰুপৰ আন এখন খেলত শ্রীলংকাই সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰক পৰাস্ত কৰে। কালি অনুষ্ঠিত আন কেইখনমান খেলত ফ্রান্সে নৰ'ৱেক, আমেৰিকাই ভিয়েটনামক, তুৰস্কই উগাণ্ডাক, চীনে ঘানাক, চাইনিজ টাইপেই ব্রাজিলক, ডেনমার্কে নেডাৰলেণ্ডক পৰাস্ত কৰে।

October 7, 2025 12:12 PM

views 75

মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে

■ ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত কালি দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। নিৰ্ধাৰিত ২৩২ ৰানৰ লক্ষ্য অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকাই ৪ উইকেটৰ বিনিময়ত ৪০ অভাৰ আৰু ৫টা বলত ২৩৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ তাজমিন ব্ৰিটছে ১০১ ৰান আৰু ছুনে লুছে অপৰাজিত ৮৩ ৰান কৰে। তাজমিন ব্ৰিটছক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয় ৷ ইয়াৰ পূৰ্বে টছত জিকি নিউজিলেণ্ডে ৪৭ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩১ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ছফী ডিভাইনে সৰ্বাধিক ৮৫ ৰাণ...