October 2, 2025 8:47 PM

views 69

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত ২ উইকেটৰ বিনিময়ত ১২১ ৰাণ সংগ্ৰহ

■ আহমেবাদত অনুষ্ঠিত প্রথমখন টেষ্ট মেছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত দুটা উইকেটৰ বিনিময়ত ১২১ ৰাণ সংগ্ৰহ কৰে। কে এল ৰাহুলে ৫৩ আৰু শুভমন গীলে ১৮ ৰাণ কৰি অপৰাজিত হৈ আছে। ইয়াৰ আগেয়ে টছত জিকি ৱেষ্ট ইণ্ডিজে প্রথমে বেটিং কৰি নিজৰ প্ৰথম ইনিংছত ১৬২ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ চিৰাজে চাৰিটা আৰু যশপ্রীত বুমৰাই তিনিটা উইকেট দখল কৰে। উল্লেখযোগ্য যে, ভাৰতৰ নতুন অধিনায়ক শুভমন গিলৰ নেতৃত্বত দেশখনৰ ঘৰুৱা ছিজনৰ আৰম্ভণিৰ দুখনীয়া টেষ্ট শৃংখলাৰ এইখন হ'ল প্ৰথমখন খেল। এই শৃংখলাৰ দ্বিতীয়...

September 26, 2025 12:05 PM

views 61

এছিয়া কাপ টি-২০ ক্রিকেটত বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত পাকিস্তানৰ

■ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। এই জয়ৰ সুবাদত অহা দেওবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তান ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, সপ্তদশবাৰৰ বাবে অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তান ফাইনেলত মুখামুখি হ'ব। কালি পাকিস্তানে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৩৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ মহম্মদ হেৰিছে ৩১ ...

September 25, 2025 10:15 PM

views 56

এছিয়া কাপ টি-২০ ক্রিকেটৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ’ব

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ'ব। প্রতিযোগিতাত আজি নিশা ৮ বজাত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশ পাকিস্তানৰ মুখামুখি হ'ব। খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতে যোৱা নিশা ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ দ্বিতীয়খন খেলত বাংলাদেশক ৪১ ৰাণত পৰাস্ত কৰে৷

September 16, 2025 8:56 PM

views 79

আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া বেটিঙৰ ৰেংকিঙত ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক স্মৃতি মান্ধানাৰ পুনৰ শীৰ্ষ স্থান অৰ্জন

ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক স্মৃতি মান্ধানাই আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া বেটিঙৰ ৰেংকিঙত পুনৰ শীৰ্ষ স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইংলেণ্ডৰ মহিলা ক্রিকেট দলৰ অধিনায়ক স্কীপাৰ নেট স্কীভাৰ ফ্ৰণ্টক অতিক্ৰম কৰি তেওঁ এই স্থান দখল কৰিছে। যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মান্ধানাই ৬৩ টা বলত ৫৮ ৰান কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ ইংলেণ্ডৰ অধিনায়কগৰাকীতকৈ ৪ পইণ্টত আগবাঢ়ি আই চি চি ৰেংকিঙত ৭ পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিছে।

September 16, 2025 8:01 PM

views 71

৬৪ সংখ্যক আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতা শৃংখলা সুব্রত কাপৰ অন্তিমখন প্রতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ

বায়ুসেনাই আয়োজন কৰা ৬৪ সংখ্যক আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতা শৃংখলা সুব্রত কাপৰ অন্তিমখন প্রতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে। ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ এই অন্তিমলানি প্ৰতিযোগিতাত আজি অসমৰ গোলাঘাটৰ নুমলীগড় হাইস্কুলে গ্ৰুপৰ প্ৰথমখন খেলত আর্মী বয়জ স্কুলৰ সৈতে ২-২ গ’লত ড্র’ খেলি পইণ্ট ভগাই লয়। পিন্টু পার্ক ফুটবল ময়দানত অনুষ্ঠিত খেলখনত অসমৰ হৈ ২৭ মিনিটত পার্থ ডেকা বৰুৱাই প্ৰথমটো গ’ল কৰাৰ বিপৰীতে ৬৬ মিনিটত আকাশ লোহাৰে দ্বিতীয়টো গ'ল কৰি অসমক এক পইণ্ট দিয়াত সহায় কৰে। প্ৰতিযোগিতাৰ পৰৱৰ...

September 16, 2025 6:31 PM

views 43

স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত স্বর্ণপদক অৰ্জন কৰা আনন্দকুমাৰ ভেলকুমাৰক প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ অভিনন্দন

চীনত অনুষ্ঠিত স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত স্বর্ণপদক অৰ্জন কৰা আনন্দকুমাৰ ভেলকুমাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিনন্দন জনাইছে। আনন্দ কুমাৰে প্ৰতিযোগিতাখনত পুৰুষৰ জ্যেষ্ঠ শাখাৰ এহেজাৰ মিটাৰ স্ক্ৰীণ্ট বিভাগত স্বর্ণপদক অৰ্জন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে আনন্দ কুমাৰ ভেলকুমাৰৰ সাফল্যই বিশ্বৰ স্কেটিং চেম্পিয়নশ্বিপত ভাৰতক প্রথম বিজয়ী কৰি তুলিলে। খেলুৱৈগৰাকীৰ সাফল্যই দেশৰ তৰুণ প্ৰজন্মক উৎসাহিত কৰি তুলি...

September 16, 2025 6:33 PM

views 53

এফ আই ডি ই মহিলাৰ গ্ৰাঁ ছুইচ, ২০২৫-ৰ খিতাপ লাভ কৰা বৈশালী ৰমেশ বাবুক প্রধানমন্ত্ৰী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ অভিনন্দন

এফ আই ডি ই মহিলাৰ গ্ৰাঁ ছুইচ, ২০২৫-ৰ খিতাপ লাভ কৰা বৈশালী ৰমেশ বাবুক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৈশালী ৰমেশ বাবুৰ ধৈৰ্য্য আৰু নিষ্ঠা সকলোৰে বাবে অনুকৰণীয়। শ্ৰী মোদীয়ে ভৱিষ্যতে অধিক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শ্ৰীমতী ৰমেশ বাবুক শুভেচ্ছা জনায়। গৃহমন্ত্রী অমিত শ্বাহে কয়, যে শ্ৰীমতী ৰমেশ বাবুৰ সাফল্য হৈছে – বিশ্বৰ দবাৰ ক্ষেত্ৰখনত ভাৰতৰ ক্ৰমৱৰ্ধমান প্ৰভাৱৰ উপযুক...

September 16, 2025 6:29 PM

views 66

এছিয়া কাপ ক্রিকেটত নিশা ৮ বজাত বাংলাদেশ আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা ৮ বজাত আবু ধাবিত হ'বলগীয়া এখন খেলত বাংলাদেশ, আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত শ্রীলংকাই হংকঙক ৪ উইকেটত পৰাস্ত কৰে। হংকঙৰ ১৫০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰি শ্ৰীলংকাই ১৫৩ ৰানেৰে বিজয় সাব্যস্ত কৰে। শ্ৰীলংকাৰ হৈ পাথুম নিছাংকাই ৬৮ ৰান কৰি প্লেয়াৰ অৱ মেচ সন্মান লাভ কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আবু ধাবিৰ জায়েদ ক্রিকেট ষ্টেডিয়ামত যোৱা...

September 13, 2025 12:00 PM

views 68

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত দেওবাৰে ভাৰত পাকিস্তানৰ মুখামুখি হ’ব

● এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এৰ এখন খেলত পাকিস্তানে অমানক ৯৩ ৰানত পৰাস্ত কৰি জয়েৰে নিজৰ অভিযান আৰম্ভ কৰে। পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৬০ ৰানৰ প্ৰত্যুত্তৰত অমানে ১৬ অ’ভাৰ আৰু চাৰিটা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৬৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ হামিদ মিৰ্জাই সৰ্বাধিক ২৭ ৰানৰ বৰঙণি আগবঢ়ায়। পাকিস্তানৰ ফাহিম আছৰাফ মুকিম আৰু আয়ুবে দুটাকৈ আৰু আফ্ৰিডি, আবৰাৰ আহমেদ আৰু নাৱাজে এটাকৈ উইকেট দখল ...

September 11, 2025 3:19 PM

views 81

ডুবাইত ভাৰত-পাকিস্তানৰ এছিয়া কাপ টী-২০ খেলখন বাতিলৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

■ উচ্চতম ন্যায়ালয়ে অহা ১৪ ছেপ্তেম্বৰত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত হ'বলগীয়া এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাৰ খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণ’ইক লৈ গঠিত এখন বিচাৰপীঠে আজি এখন জনস্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি খেলখন হোৱা উচিত বুলি মন্তব্য কৰে। আইনৰ চাৰিগৰাকী ছাত্ৰই খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা জনস্বার্থজড়িত আবেদনখনত পেহেলগাম সন্ত্রাসবাদী আক্ৰমণ আৰু অপাৰেচন ...