● এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এৰ এখন খেলত পাকিস্তানে অমানক ৯৩ ৰানত পৰাস্ত কৰি জয়েৰে নিজৰ অভিযান আৰম্ভ কৰে। পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৬০ ৰানৰ প্ৰত্যুত্তৰত অমানে ১৬ অ’ভাৰ আৰু চাৰিটা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৬৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ হামিদ মিৰ্জাই সৰ্বাধিক ২৭ ৰানৰ বৰঙণি আগবঢ়ায়। পাকিস্তানৰ ফাহিম আছৰাফ মুকিম আৰু আয়ুবে দুটাকৈ আৰু আফ্ৰিডি, আবৰাৰ আহমেদ আৰু নাৱাজে এটাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি বাংলাদেশ শ্রীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। কাইলৈ হ’বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ মুখামুখি হ’ব।
Assamese | September 13, 2025 12:00 PM | Asia Cup | Asia Cup Cricket | Cricket | SPORTS
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত দেওবাৰে ভাৰত পাকিস্তানৰ মুখামুখি হ’ব