September 4, 2026 6:28 PM

views 14

মহিলাৰ টি-২০ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰত ছেমিফাইনেলত প্ৰৱেশ

মহিলাৰ টি-২০ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ভাৰতে হংকঙক ১৩৭ ৰানত পৰাস্ত কৰে।

October 7, 2025 12:12 PM

views 75

মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে

■ ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত কালি দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। নিৰ্ধাৰিত ২৩২ ৰানৰ লক্ষ্য অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকাই ৪ উইকেটৰ বিনিময়ত ৪০ অভাৰ আৰু ৫টা বলত ২৩৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ তাজমিন ব্ৰিটছে ১০১ ৰান আৰু ছুনে লুছে অপৰাজিত ৮৩ ৰান কৰে। তাজমিন ব্ৰিটছক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয় ৷ ইয়াৰ পূৰ্বে টছত জিকি নিউজিলেণ্ডে ৪৭ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩১ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ছফী ডিভাইনে সৰ্বাধিক ৮৫ ৰাণ...

September 23, 2025 11:21 AM

views 64

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ ছুপাৰ-ফ’ৰ পৰ্যায়ত আজি পাকিস্তান-শ্ৰীলংকাৰ খেল

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ ছুপাৰ-ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ’বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ভাৰত আৰু বাংলাদেশে ইতিমধ্যে ২ পইণ্টতকৈ লাভ কৰিছে যদিও পাকিস্তান আৰু শ্ৰীলংকাই এতিয়াও ছুপাৰ-ফ’ৰত কোনো পইণ্ট লাভ কৰা নাই। ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত পাকিস্তানৰ দলটোৱে আজিৰ খেলখনত জয়ৰ বাবে আপ্রাণ চেষ্টা চলাব। লীগ পর্যায়ৰ তিনিখন খেলত জয়লাভেৰে গ্ৰুপ-বিত শীৰ্ষত থকা শ্ৰীলংকাই ছুপাৰ-ফ’ৰৰ প্ৰথমখন খেলত...

September 19, 2025 9:10 PM

views 66

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। যোৱা নিশা আবুধাবিত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত শ্রীলংকাই আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰি ছুপাৰ ফ'ৰ পৰ্যায়ত প্ৰৱেশ কৰে। এই জয়ৰ সুবাদত শ্ৰীলংকাৰ গ্ৰুপ বিৰ পইণ্ট তালিকাত শীর্ষ স্থান দখল কৰে। গ্ৰুপটোত অন্তর্ভুক্ত বাংলাদেশেও তিনিখন খেলৰ দুখনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পৰৱৰ্তী পৰ্যায়ৰ স্থান নিশ্চিত কৰিছে।

September 17, 2025 12:33 PM

views 73

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত আজি পাকিস্তান, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত কালি আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ বিৰ এখন শ্বাসৰুদ্ধকৰ খেলত বাংলাদেশে আফগানিস্তানক ৮ ৰানত পৰাস্ত কৰে। ১৫৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আফগানিস্তানে নির্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৪৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ৰহমান ওল্লাহ সৰ্বাধিক ৩৫ ৰানৰ বৰঙণি আগবঢ়ায়। বাংলাদেশৰ হৈ মুস্তাফিৰ ৰহমানে ৩টা আৰু নাছুম আহমেদ, তাস্কিন আহমেদ আৰু ৰিছাদ হুছেইনে দুটাকৈ উইকেট লাভ কৰে। নাছুম আহমেদক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে বাংলা...

September 16, 2025 6:29 PM

views 66

এছিয়া কাপ ক্রিকেটত নিশা ৮ বজাত বাংলাদেশ আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা ৮ বজাত আবু ধাবিত হ'বলগীয়া এখন খেলত বাংলাদেশ, আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত শ্রীলংকাই হংকঙক ৪ উইকেটত পৰাস্ত কৰে। হংকঙৰ ১৫০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰি শ্ৰীলংকাই ১৫৩ ৰানেৰে বিজয় সাব্যস্ত কৰে। শ্ৰীলংকাৰ হৈ পাথুম নিছাংকাই ৬৮ ৰান কৰি প্লেয়াৰ অৱ মেচ সন্মান লাভ কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আবু ধাবিৰ জায়েদ ক্রিকেট ষ্টেডিয়ামত যোৱা...

September 13, 2025 12:00 PM

views 68

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত দেওবাৰে ভাৰত পাকিস্তানৰ মুখামুখি হ’ব

● এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এৰ এখন খেলত পাকিস্তানে অমানক ৯৩ ৰানত পৰাস্ত কৰি জয়েৰে নিজৰ অভিযান আৰম্ভ কৰে। পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৬০ ৰানৰ প্ৰত্যুত্তৰত অমানে ১৬ অ’ভাৰ আৰু চাৰিটা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৬৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ হামিদ মিৰ্জাই সৰ্বাধিক ২৭ ৰানৰ বৰঙণি আগবঢ়ায়। পাকিস্তানৰ ফাহিম আছৰাফ মুকিম আৰু আয়ুবে দুটাকৈ আৰু আফ্ৰিডি, আবৰাৰ আহমেদ আৰু নাৱাজে এটাকৈ উইকেট দখল ...

September 11, 2025 3:19 PM

views 81

ডুবাইত ভাৰত-পাকিস্তানৰ এছিয়া কাপ টী-২০ খেলখন বাতিলৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

■ উচ্চতম ন্যায়ালয়ে অহা ১৪ ছেপ্তেম্বৰত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত হ'বলগীয়া এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাৰ খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণ’ইক লৈ গঠিত এখন বিচাৰপীঠে আজি এখন জনস্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি খেলখন হোৱা উচিত বুলি মন্তব্য কৰে। আইনৰ চাৰিগৰাকী ছাত্ৰই খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা জনস্বার্থজড়িত আবেদনখনত পেহেলগাম সন্ত্রাসবাদী আক্ৰমণ আৰু অপাৰেচন ...

September 11, 2025 12:37 PM

views 90

ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেটত জয়েৰে অভিযান আৰম্ভ

■ ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। গ্রুপ-এত নিজৰ প্ৰথমখন খেলত ভাৰতে যোৱা নিশা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ- ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত অনায়াসে জয়লাভ কৰে। ইউ এ ইৰ দলটোৱে প্ৰথমে বেট ধৰি ভাৰতৰ সন্মুখত ৫৮ ৰানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে ৪ অভাৰ আৰু ৩টা বলত এটা উইকেটৰ বিনিময়ত ৬০ ৰান কৰি জয়লাভ কৰে। অ'পেনাৰ অভিষেক শৰ্মাই ১৬টা বলত দুটা 'চাৰি' আৰু তিনিটা 'ছয়'ৰে ৩০ ৰান কৰে। প্ৰাৰম্ভিক যুটীত শুভমন গীলৰ সৈতে অভিষেকে ৩ অভাৰ আৰু ৫টা বলত ৪৮ ৰান ...

September 9, 2025 3:14 PM

views 61

সপ্তদশ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী মেচত আফগানিস্তানে হংকঙৰ বিৰুদ্ধে খেলিব

● আবু ধাবিত আজি আৰম্ভ হ'বলগীয়া সপ্তদশ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী মেচত আফগানিস্তানে হংকঙৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত খেলখন আৰম্ভ হ'ব। ২৮ ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই প্রতিযোগিতাত মুঠ আঠটা দলে খিতাপ দখলৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ২০১৬ চনৰ পৰা এদিনীয়া আৰু টি-২০ ৰূপত পর্যায়ক্রমে খেলোৱা প্ৰতিযোগিতাখনত এইবাৰৰ সংস্কৰণটো টি-২০ ৰূপত খেলোৱা হ'ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া গ্রুপ ‘এ’ পৰ্যায়ৰ এখন মেচত আয়োজক সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ...