September 8, 2025 10:59 PM

views 55

পুৰুষৰ এছিয়া কাপ ২০২৫ৰ ক্রিকেট প্রতিযোগিতা কাইলৈ আৰম্ভ

পুৰুষৰ এছিয়া কাপ ২০২৫ ক্রিকেট প্রতিযোগিতা কাইলৈ আৰম্ভ হ'ব। ডুবাই আৰু আবু ধাবিত হ’বলগীয়া এইবাৰৰ প্ৰতিযোগিতাত ৮ খন দেশে অংশগ্ৰহণ কৰিছে। টি-২০ ফৰমেটত হ'বলগীয়া এই প্রতিযোগিতাত ভাৰতে পাকিস্তান, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ আৰু ওমানৰ লগত গ্রুপ-এত স্থান লাভ কৰিছে। গ্রুপ-বিত আছে শ্রীলংকা, বাংলাদেশ, আফগানিস্তান আৰু হংকং। কাইলৈ প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আফগানিস্তান হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে অহা ১০ ছেপ্তেম্বৰত নিজৰ প্ৰথমখন খেল সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ...

December 21, 2024 6:35 PM

views 66

টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত কাইলৈ বাংলাদেশৰ মুখামুখি

মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত কাইলৈ বাংলাদেশৰ মুখামুখি হ'ব। মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হ'বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৭ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে শ্রীলংকাক ৪ উইকেটত পৰাজিত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। খেলখনত ভাৰতে মাত্র ১৪ অভাৰ আৰু ৫টা বলতে ৯৯ ৰানৰ বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে শ্রীলংকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ৯৮ ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাৰ আনখন ছেম...