● আবু ধাবিত আজি আৰম্ভ হ’বলগীয়া সপ্তদশ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী মেচত আফগানিস্তানে হংকঙৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত খেলখন আৰম্ভ হ’ব। ২৮ ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই প্রতিযোগিতাত মুঠ আঠটা দলে খিতাপ দখলৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ২০১৬ চনৰ পৰা এদিনীয়া আৰু টি-২০ ৰূপত পর্যায়ক্রমে খেলোৱা প্ৰতিযোগিতাখনত এইবাৰৰ সংস্কৰণটো টি-২০ ৰূপত খেলোৱা হ’ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কাইলৈ হ’বলগীয়া গ্রুপ ‘এ’ পৰ্যায়ৰ এখন মেচত আয়োজক সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব। পাকিস্তান, ওমান আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰক গ্রুপ এৰ তালিকাভুক্ত কৰা হৈছে। শ্রীলংকা, আফগানিস্তান, হংকং আৰু বাংলাদেশ গ্রুপ বিৰ তালিকাভুক্ত হৈছে। ভাৰতে অন্তিমখন গ্ৰুপ পৰ্যায়ৰ খেল ১৯ ছেপ্টেম্বৰত ওমানৰ বিৰুদ্ধে খেলিব। ২০ ছেপ্টেম্বৰত প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায় আৰম্ভ হ’ব।
Assamese | September 9, 2025 3:14 PM | Asia Cup Cricket | Cricket | SPORTS
সপ্তদশ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী মেচত আফগানিস্তানে হংকঙৰ বিৰুদ্ধে খেলিব