ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল কাইলৈ ছিদনীত অনুষ্ঠিত হ’ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ’ব। অষ্ট্ৰেলিয়াই ইতিমধ্যে প্রথম দুখন খেলত জয়লাভ কৰি ২-০ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। শীর্ষ বাছনিপ্রাপ্ত ভাৰতীয় দলটোৱে ৮খন খেলত জয়লাভ কৰাৰ পাছত একেৰাহে দুখন খেলত পৰাজিত হৈছে। এদিনীয়া ক্ৰিকেটত প্ৰথমবাৰৰ বাবে শূন্যত আউট হোৱা বিৰাট কোহলীৰ ফৰ্ম ভাৰতৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। নৱনিযুক্ত অধিনায়ক শুভমন গীলেও বেটেৰে বিশেষ প্ৰদৰ্শন কৰিব পৰা নাই।
Assamese | October 24, 2025 9:23 PM | Cricket | SPORTS
কাইলৈ ছিদনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল