July 18, 2024 5:26 PM

views 47

ছুইডিছ অপেন টেনিছত পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ সুমিত নাগল আৰ্জেণ্টিনাৰ মৰিয়ানো নৱোনেৰ সন্মুখীন হ’ব

ভাৰতৰ সুমিত নাগলে আজি ছুইডিছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ৩৬ সংখ্যক স্থানৰ আৰ্জেণ্টিনাৰ মৰিয়ানো নৱোনেৰ সন্মুখীন হ'ব। খেলখন আজি বিয়লি ছুইডেনৰ বষ্টাড টেনিছ ষ্টেডিয়ামৰ চেণ্টাৰ কোৰ্টত অনুষ্ঠিত হ'ব। নাগলে মঙলবাৰে প্ৰতিযোগিতাৰ এখন খেলত ছুইডেনৰ এলিয়াছ য়মেৰক ৬-৪, ৬-৩ পোনপটীয়া ছেটত পৰাভূত কৰে।

July 16, 2024 1:34 PM

views 51

ছুইডেন অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ সুমিত নাগাল এলিয়াছ য়েমাৰৰ সন্মুখীন হ’ব

ভাৰতৰ সুমিত নাগাল আজি ছুইডেনৰ বাষ্টাড টেনিছ ষ্টেডিয়ামত চলি থকা ছুইডেন অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আয়োজক দেশখনৰ এলিয়াছ য়েমাৰৰ সন্মুখীন হ'ব। পুৰুষৰ ডাবলছত ভাৰতীয় ভাৰতীয় খেলুৱৈগৰাকী আৰু পোলেণ্ডৰ কেবল ড্ৰজেৱিছকিৰ যুটীটো আজি বিয়লি ফ্ৰান্সৰ আলেকজেন্দ্ৰী মুলাৰ আৰু লুকাভেন এচেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

July 15, 2024 10:48 AM

views 71

পাঁচখনীয়া টি-২০ৰ অন্তিমখন খেলত জিম্বাব’ৱেক ৪২ ৰানত পৰাস্ত ভাৰতৰ

● জিম্বাব'ৱেৰ হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰতে কালি জিম্বাব'ৱেক ৪২ ৰানত পৰাস্ত কৰে। খেলখনত টছত জয়লাভ কৰি জিম্বাব' ৱেই প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল। ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছনে ৪৫টা বলত সৰ্বাধিক ৫৮ ৰান সংগ্ৰহ কৰে। ৰিয়ান পৰাগে ২৪টা বলত ২২ ৰান আৰু শিৱম ডুবেই ১২টা বলত ২৬ ৰান সংগ্ৰহ কৰে। জিম্বাব'ৱেৰ হৈ মুজাৰবানীয়ে ভাৰতৰ দুটা উইকেট দখল কৰে। প্ৰত্য...

July 13, 2024 1:38 PM

views 57

আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপৰ মহিলাৰ টেপ শিতানত ভাৰতৰ সবিৰা হাৰিছৰ ব্ৰঞ্জৰ পদক

ভাৰতৰ সবিৰা হাৰিছে ইটালীৰ পোৰপেটোত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপৰ মহিলাৰ টেপ শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। সবিৰাই কালি ফাইনেলত ৪০টাৰ ভিতৰত ২৯টা লক্ষ্যত আঘাট হানে।

July 13, 2024 1:33 PM

views 44

গুৱাহাটীত আজিৰেপৰা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল

● অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল আৰম্ভ হ'ব। গুৱাহাটীৰ চচল টেনিছ প্রকল্পত অনুষ্ঠিত হ'বলগীয়া প্রতিযোগিতাখনত আয়োজক অসমসহ ভাৰতৰ ১৩ খন ৰাজ্যৰ খেলুৱৈব নাম পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে প্রতিযোগিতাখনত ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ ল'ৰা-ছোৱালী উভয়ৰে একক আৰু দ্বৈত শাখাৰ মেচসমূহ অনুষ্ঠিত হ'ব। ১৩ আৰু ১৪ জুলাইত কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৫ জুলাইৰ পৰা মূল প্রতিযোগিতাৰ খেল অনুষ্ঠিত হ'ব।

July 13, 2024 10:39 AM

views 57

ব্রাৱো অপেন ছেলেঞ্জাৰ টেনিছৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

● ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটো জার্মানীত অনুষ্ঠিত ব্রাৱো অপেন ছেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বালাজী আৰু এস্কোবাৰৰ যুটীটোৱে কালি ছেমি ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত ইউক্রেইনৰ ডেনিছ মোলছানোভ আৰু নেডাৰলেণ্ডছৰ মেটৱে মিডিলকুপক ৬-৩, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত আৰু ইকুৱেডৰ যুটীটো আজি ফাইনেলত নেডাৰলেণ্ডছৰ ছেণ্ডাৰ এৰেন্দ্ৰছ আৰু ৰবিন হাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত আৰম্ভ হ'ব।

July 13, 2024 10:36 AM

views 81

আজি ভাৰত আৰু জিম্বাৱৱেৰ মাজত পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু জিম্বাৱৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৪ বজাত আৰম্ভ হ'ব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো বৰ্তমান শৃংখলাত ২-১ ফলাফলেৰে আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেলত ভাৰত জিম্বাৱ ৱেৰ হাতত ১৩ ৰানত পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে পৰৱৰ্তী দুয়োখন খেলত জয়লাভ কৰি শৃংখলাত অগ্রগতি লাভ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয়খন খেলত ভাৰতে ঘৰুৱা দল জিম্বাৱ ৱেক ১০০ ৰানত পৰাস্ত কৰাৰ বিপৰীতে তৃতীয়খন খেলত ২৩ ৰানত বিজয় জয়লাভ কৰ...

July 12, 2024 12:45 PM

views 58

বি চি চি আইয়ে ভাৰতীয় ক্রিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্রকাশ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে ভাৰতীয় ক্রিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্রকাশ কৰিছে। পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ২৬, ২৭ আৰু ২৯ জুলাইত হ'বলগীয়া টি-টুৱেণ্টি খেলেৰে এই ভ্ৰমণ আৰম্ভ হ'ব। ইয়াৰ পাছতে দলটো ১, ৪ আৰু ৭ আগষ্টত কলম্বোৰ আৰ প্রেমাদাসা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৩ খন এদিনীয়া খেলত অৱতীৰ্ণ হ'ব। ভাৰতীয় ক্রিকেট দলটো ২২ জুলাইত শ্ৰীলংকাৰ উপস্থিত হ'ব। নৱনিযুক্ত মুখ্য প্রশিক্ষণ গৌতম গম্ভীৰৰ অধীনত এয়া ভাৰতৰ প্ৰথম শৃংখলা হ'ব। অৱশ্যে এই ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ খ...

July 12, 2024 9:56 AM

views 54

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভা

■ চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভা প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩১ সংখ্যক বাছনিপ্রাপ্ত ক্রাইজিকোভাই যোৱানিশা লণ্ডনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত কাজাখস্তানৰ এলেনা ৰায়বাকিনাক ৩-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে সপ্তম বাছনিপ্রাপ্ত ইটালীৰ জেছমিন পাঅ'লিনিয়ে মহিলাৰ ছিংগলছৰ প্ৰথমখন ছেমি ফাইনেলত ক্ৰ'ৱেছিয়াৰ ডোনা ৱেকিক ২-৬, ৬-৪, ৭-৬ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত আজি যোৱাবাৰৰ চেম্পিয়ন ...

July 12, 2024 9:52 AM

views 43

ব্ৰাৱো অপেন ছেলেঞ্জাৰ টেনিছত পুৰুষ ডাবলছৰ ছেমি ফাইনেলত এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

■ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটো ব্ৰাৱো অপেন ছেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইকুৱেডৰ যুটীটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ মাৰ্ছেলো ডেমোলিনৰ আৰু আৰ্জেণ্টিনাৰ গুইলের্মো দুৰানৰ যুটীটোক ৬-৪, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। বালাজী আৰু এস্কোবাৰৰ শীৰ্ষ বাছনিপ্ৰাপ্ত যুটীটো আজি ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত ইউক্রেইনৰ ডেনিছ মোলছানোভ আৰু নেডাৰলেণ্ডছৰ মাৱে মিডেলকুপৰ সন্মুখীন হ'ব।