থাইলেণ্ডে আজি বিয়লি শ্রীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ২২ ৰানত পৰাস্ত কৰে। মালয়েছিয়াই ১৩৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১১ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে থাইলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ১৩৩ ৰান সংগ্ৰহ কৰে। ইপিনে একেখন ষ্টেডিয়ামতে অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত বাংলাদেশ আয়োজক দেশ শ্রীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত বাংলাদেশে টছত জিকি আমালৈ বাতৰি অহাৰ পৰলৈকে ১ অভাৰত দুটা উইকেট হেৰুৱাই ৬ ৰান সংগ্ৰহ কৰি খেলি আছে।
Assamese | July 20, 2024 8:32 PM | asia cup t 20 malaysia | Cricket | SPORTS
মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ২২ ৰানত পৰাস্ত থাইলেণ্ডৰ