সূর্য কুমাৰ যাদৱে কালি জাৰি কৰা পুৰুষৰ আই চি চি টি-২০ বেটিঙৰ বাছনি তালিকাত দ্বিতীয় স্থান অক্ষুন্ন ৰাখিছে। ভাৰতৰ আন এগৰাকী খেলুৱৈ যশস্বী জয়ছৱালে তালিকাত ষষ্ঠ স্থান লাভ কৰিছে। আনহাতে, ৰুতুৰাজ গাইকোৱাড এটা স্থান তললৈ নামি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অলপতে জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত টি- ২০ শৃংখলাত ৪-১ ফলাফলত জয়লাভ কৰাৰ বাবে শেহতীয়া বাছনি তালিকাত ভাৰতীয় খেলুৱৈসকলৰ স্থান উন্নীত হৈছে।
Assamese | July 18, 2024 5:31 PM | Cricket | SPORTS | surya kumar yadav
আই চি চি টি-২০ বেটিঙৰ বাছনি তালিকাত দ্বিতীয় স্থানত সূর্য কুমাৰ যাদৱ