November 14, 2024 2:43 PM

views 28

মহিলাৰ এছিয়ান হকী চেম্পিয়ন্‌ছ ট্ৰফীত ভাৰত আজি থাইলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ’ব

বিহাৰৰ ৰাজগীৰত চলি থকা মহিলাৰ এছিয়ান হকী চেম্পিয়ন্‌ছ ট্ৰফীত যোৱাবাৰৰ বিজয়ী ভাৰত আজি বিয়লি থাইলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ'ব। ভাৰতে প্ৰথমখন খেলত মালয়েছিয়াক ৪-০ গ’লত আৰু দ্বিতীয়খন খেলত দক্ষিণ কোৰিয়াক ৩-২ গ’লত পৰাজিত কৰিছিল। প্ৰতিযোগিতাৰ আজিৰ আন দুখন খেলত দক্ষিণ কোৰিয়াই মালয়েছিয়াৰ বিৰুদ্ধে আৰু আনখন খেলত জাপানে চীনৰ বিৰুদ্ধে খেলিব।

November 14, 2024 12:28 PM

views 46

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

অসমৰ ক্ৰীড়া ইতিহাসৰ সবাতোকৈ বৃহৎ ক্রীড়া প্রতিযোগিতা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ কালিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে। তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্রতিভাসমূহক বিকাশৰ মঞ্চ হিচাপে গ্রহণ কৰা এই প্রতিযোগিতাত ৭টা শাখাত প্রায় ৬৪ লাখ প্রতিযোগীয়ে অংশগ্রহণ কৰিছে। খেল মহাৰণ উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্রীগৰাকীয়ে কয়, যে এই পদক্ষেপে অসমৰ বিশাল ক্রীড়া সম্ভাৱনা বৃদ্ধিৰ লগতে ক্রীড়া সংস্কৃতি বিকাশত পুনৰ এক নতুনত্বৰ সূচনা কৰিব। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জিলাখনত...

November 14, 2024 9:39 AM

views 43

ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা কৰিছে। ভাৰতীয় দলটোৱে অহা মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু ২০২৫ চনৰ জানুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৫ ডিচেম্বৰৰ পৰা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ শৃংখলাৰ আৰম্ভ হ'ব। ইয়াৰ পিছতে ২০২৫বৰ্ষৰ জানুৱাৰীত গুজৰাটৰ ৰাজকোটত হবলগীয়া তিনিখন এদিনীয়া শৃংখলাত ভাৰত, আয়াৰলেণ্ডৰ মুখামুখি হ'ব।

November 14, 2024 9:36 AM

views 47

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ চাৰিখনীয়া শৃংখলাৰ তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকা ১১ৰাণত পৰাজিত

দক্ষিণ আফ্ৰিকাৰ ছুপাৰস্প'ৰ্ট উদ্যানত অনুষ্ঠিত টি টুৱেন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট প্রতিযোগীতাৰ চাৰিখনীয়া শৃংখলাৰ তৃতীয়খন খেলত কালি নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ১১ৰাণত পৰাজিত কৰে। ভাৰতে এই জয়ৰ পাছত চাৰিখনীয়া শৃংখলাত ২-১ ফলাফলত অগ্রগতি লাভ কৰিছে। খেলখনত ভাৰতে ২২০ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত বিশ অভাৰত ৭ উইকেটৰ বিনিময়ত ২০৮ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে আয়োজক দলটোৱে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেট ধৰি ভাৰত...

November 12, 2024 2:38 PM

views 58

মহিলাৰ এছিয় ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত হ’বলগীয়া মহিলাৰ এছিয় ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ এখন খেলত তিনিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ এখন খেলত চীনে থাইলেণ্ডক ১৫-০ গলত পৰাস্ত কৰে। ভাৰতে কালি নিজৰ প্ৰথমখন খেলত মালয়েছিয়াক ৪-০ গলত পৰাস্ত কৰে। জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজৰ প্ৰথমখন খেল ২-২ গলত ড্র’ হয়।

November 12, 2024 8:52 AM

views 58

জাপান মাষ্টাৰ্ছ ছুপাৰ-৫০০ বেডমিণ্টনত পি ভি সিন্ধু আৰু লক্ষ্য সেনে অংশগ্ৰহণ কৰিব

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে আজিৰ পৰা আৰম্ভ হ'বলগীয়া জাপান মাষ্টাৰ্ছ ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগতাত অংশগ্ৰহণ কৰিব। সিন্ধু কাইলৈ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত নিজৰ প্ৰথমখন খেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বি বুছানান অংবামৰুংফানৰ মুখামুখি হ’ব। ইপিনে, পুৰুষৰ ছিংগলছত লক্ষ্য সেন মালয়েছিয়াৰ লিয়ন জুন হাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে মহিলাৰ ডাবলছত ভাৰতৰ গায়ত্ৰী গোপীছান্দ আৰু তৃষা জলীৰ যুটীটোৱে চীনা টাইপেইৰ শ্বু য়িন হুই আৰু লীন ঝিহ য়ুনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। প্ৰতিযোগি...

November 12, 2024 8:48 AM

views 67

মহিলাৰ এছিয় হকী ছেম্পিয়নছ ট্ৰফী প্রতিযোগিতাত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত চলি থকা মহিলাৰ এছিয় হকী ছেম্পিয়নছ ট্ৰফী প্রতিযোগিতাত তিনিবাৰৰ বিজয়ী দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে কালি প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত ভাৰতে মালয়েছিয়াক ৪-০ গলত পৰাস্ত কৰে। ইপিনে জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখন খেল ২-২ গলত ড্র' হয়। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত চীনে থাইলেণ্ডক ১৫-০ গলত পৰাস্ত কৰে৷

November 7, 2024 8:35 PM

views 72

অষ্ট্ৰেলিয়া এ দলে মেলৱৰ্ন ক্রিকেট গ্রাউণ্ডত দ্বিতীয়খন অনানুষ্ঠানিক টেষ্ট মেচত প্রথম ইনিংছত ২ টা উইকেট হেৰুৱাই ৫৩ ৰান সংগ্ৰহ

অষ্ট্ৰেলিয়া এ দলে মেলৱৰ্ন ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত দ্বিতীয়খন অনানুষ্ঠানিক টেষ্ট মেচৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্রথম ইনিংছত দুটা উইকেট হেৰুৱাই ৫৩ ৰান সংগ্ৰহ কৰে। ঘৰুৱা দল অষ্ট্ৰেলিয়া ভাৰতৰ প্রথম ইনিংছতকৈ ১০৮ ৰান পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতীয় এ দলে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৬১ ৰানত প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ ধ্ৰুৱ জুৰেলে সৰ্বাধিক ৮০ ৰান কৰে।

November 4, 2024 7:35 PM

views 72

অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিলনাডুৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেল

অসম ক্রিকেট সন্থাই অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিলনাডুৰ বিৰুদ্ধে হ'বলগীয়া ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেলৰ বাবে অসমৰ খেলুৱৈৰ লগতে সহায়ক ষ্টাফৰ নাম প্ৰকাশ কৰিছে। ডেভিড দাসক অধিনায়ক আৰু মুক্তাৰ হুছেইনক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। দলটোত দৰ্শন ৰাজবংশী, মৃন্ময় দত্ত, ভাৰ্গৱ দত্ত, ৰাহুল সিং, স্বৰূপম পুৰকায়স্থ, পাৰভেজ মুছাফ, সুমিত ঘাদিগাওকাৰ, ৰুহীনন্দন পেগু, ঋষভ দাস, শুভম মণ্ডল, শিৱশংকৰ ৰয়, ৰোহিত সিং আৰু জিতু আলীক অন্তৰ্ভুক্ত কৰা হৈছে। 00000 নির্বাচন আয়োগে কেৰালা, পাঞ্জাব আৰু...

November 4, 2024 6:20 PM

views 76

ভাৰতীয় উইকেটকীপাৰ ৰিদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা

ভাৰতীয় উইকেটকীপাৰ ৰিদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি কয় যে চলিত ৰঞ্জী ট্ৰফী শৃংখলাই তেওঁৰ অন্তিমখন খেল হ'ব। ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটাৰ পাছত পশ্চিমবংগৰ ৪০ বছৰীয়া উইকেটকীপাৰগৰাকীয়ে ৪০খন টেষ্ট আৰু ৯খন এদিনীয়া মেচত অংশগ্ৰহণ কৰে। খেলুৱৈগৰাকীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ঘোষণা কৰে যে ক্রিকেতৰ জগতত এটা বৰ্ণিল যাত্ৰা পাৰ কৰাৰ পাছত এই খেলখনেই তেওঁৰ অন্তিমখন খেল হ'ব। তেওঁ লগতে উল্লেখ কৰে যে অন্তিমবাৰৰ বাবে পশ্চিমবংগক প্রতিনিধিত্ব কৰিবলৈ পায় তেওঁ গৌৰৱ অনুভৱ কৰিছে...