অসম বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ ছাই উপকেন্দ্ৰত আজি ৪৪ সংখ্যক আন্তঃজিলা ছিনিয়ৰ বক্সিং প্রতিযোগিতা উদ্বোধন কৰা হয়। খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে যদিও প্রতিযোগিতাখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ উভয় শাখাৰে ১০টা ওজন শাখাৰ খেল অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনত ৩০ খন জিলাৰ ১৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এইখন প্রতিযোগিতাৰ পৰাই অহা বছৰ জানুৱাৰীত উত্তৰাখণ্ডত হ’বলগীয়া ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাৰ বাবে খেলুৱৈ বাচনি কৰা হ’ব।
Assamese | November 30, 2024 7:29 PM | Boxing | SPORTS
অসম বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ ছাই উপকেন্দ্ৰত ৪৪ সংখ্যক আন্তঃজিলা ছিনিয়ৰ বক্সিং প্রতিযোগিতা