August 5, 2026 4:44 PM

views 13

কমনৱেল্‌ল্থ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ লাভলীনা বৰগোঁহাইৰ

গ্লাচগত অনুষ্ঠিত কমনৱেল্‌ল্থ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমান বন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেল্থ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছত স্বর্ণ পদক জয়ৰ বাবে চেষ্টা চ...

August 2, 2026 8:39 PM

views 18

কমনবেলথ গেমছ ২০২৬ত সোণৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

গ্লাচগ'ত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ৰ পুৰুষৰ ৮০ কিলোগ্রাম বক্সিং শাখাত সোণৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে ই প্রতিযোগিতাৰ সময়ছোৱাত খেলুৱৈগৰাকীৰ দৃঢ়তা আৰু দক্ষতা সঁচাকৈ প্রশংসাৰ যোগ্য। এই বক্সাৰ গৰাকীয়ে ভালেসংখ্যক যুৱ খেলুৱৈক শ্রেষ্ঠ প্ৰদৰ্শনৰ বাবে অনুপ্ৰেৰণা যোগাব বুলিও প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰে। তেওঁ বক্সিঙত ৯০ কিলোগ্রাম শাখাত ৰূপৰ পদক বিজয়ী নৰেন্দৰ বেৰৱালকো শুভেচ্ছা জনায়। শ্রীমোদীয়ে পুৰুষৰ ...

November 24, 2025 6:40 PM

views 50

বিশ্ব বক্সিং কাপ ফাইনেলত কৰা অনন্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰী মোডীৰ অভিনন্দন

বিশ্ব বক্সিং কাপ ফাইনেলত কৰা অনন্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে অদম্য প্ৰতিভাৰে ৯টা সোণৰ পদককে ধৰি মুঠ ২০ পদক লাভ কৰিবলৈ সমৰ্থ হ'ল। এই অভিলেখ ভংগকাৰী প্ৰদৰ্শনেৰে দেশৰ বক্সিং খেলুৱৈসকলে দেশক গৌৰৱান্বিত কৰি তুলিলে বুলিও শ্রীমোডীয়ে উল্লেখ কৰে।

November 20, 2025 12:56 PM

views 62

বিশ্ব বক্সিং কাপ ২০২৫ৰ ফাইনেলত ভাৰতৰ মুঠ ১৫ গৰাকী খেলুৱৈ ফাইনেলত প্রবেশ

ভাৰতৰ ৮ গৰাকী মহিলা আৰু ৭ গৰাকী পুৰুষসহ মুঠ ১৫ গৰাকী খেলুৱৈয়ে বিশ্ব বক্সিং কাপ ২০২৫ৰ ফাইনেলত প্রবেশ কৰিছে। বিশ্বৰ ১৬ খন দেশৰ ১৩০ গৰাকীতকৈও অধিক খেলুৱৈয়ে অংশগ্রহণ কৰা এই প্রতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় শাখাতে শ্রেষ্ঠ প্রদর্শন আগবঢ়াইছে। বিশ্ব চেম্পিয়ন জেচমিন লাম্বোৰিয়া আৰু দুবাৰৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন নিখাট জৰিনৰ নেতৃত্বত কালি বিশ্ব বক্সিঙত ভাৰতে সর্বকালৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে নিজৰ প্ৰতিপত্তি বজাই ৰাখে। নিখাটে ৫১ কিলোগ্রাম শাখাত উজবেকিস্তানৰ গুলচেভাৰ গেনিয়েভা ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত প...

November 16, 2025 8:47 PM

views 56

বর্ল্ড বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ প্ৰথম দিনা ভাৰতৰ চাৰিওগৰাকী বক্সাৰৰ ছেমি ফাইনেললৈ অগ্রগতি

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাঠিক স্পোর্টছ কমপ্লেক্সত অনুষ্ঠিত বর্ল্ড বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ প্ৰথম দিনা ভাৰতে সুন্দৰ আৰম্ভণি কৰিছে। ভাৰতৰ চাৰিওগৰাকী বক্সাৰে কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি ছেমি ফাইনেললৈ অগ্রগতি লাভ কৰিছে। মহিলাৰ ৪৯ কিলোগ্রাম আৰু ৫৮ কিলোগ্রাম শাখাত মিনাক্ষী আৰু প্রীতিয়ে কাজাখস্তানৰ বলাট একবটা আৰু উজবেকিস্তানৰ উক্তামভা নিগিনাক পৰাজিত কৰে। পুৰুষৰ ৮০ কিলোগ্রাম আৰু ৯০ কিলোগ্রামৰ উৰ্ধৰ শাখাত অংকুশ আৰু নৰেন্দৰে জাপানৰ বাকায়াগ আৰু ইউক্রেইনৰ মামাছ'লিয়েৰ খালিমজ'নক পৰাজিত কৰি ছেমি ফা...

September 11, 2025 3:05 PM

views 61

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৩টা পদক নিশ্চিত

■ ভাৰতে ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তিনিটা পদক নিশ্চিত কৰিছে। ভাৰতৰ জেচমিন লেম্ব’ৰিয়া, নুপুৰ শ্বিঅ'ৰান আৰু পূজা ৰাণীয়ে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৩৪ বছৰীয়া ৰাণীয়ে যোৱানিশা ৮০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ এমিলিয়া কোটেৰস্কাক ৩-২ ফলাফলত পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ইয়াৰ পূৰ্বে শ্বিঅ’ৰানে ৮০ কিলোগ্ৰামৰ অধিক ওজন শাখাত উজবেকিস্তানৰ অল্টিনিীয় ছতিমবয়েভাক পৰাভূত কৰে। একেদৰে জেচমিনেও নিজৰ ওজন শাখাৰ অন্তিম চাৰিগৰাকী খেলুৱৈৰ ভ...

September 5, 2025 11:44 AM

views 57

লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপছত জয়েৰে অভিযান আৰম্ভ পৱন বৰতৱাল, সাক্ষী আৰু সনামাচা চানুৰ

ভাৰতৰ পৱন বৰতৱাল, সাক্ষী আৰু থকচোম সনামাচা চানুৱে লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপছত জয়লাভ কৰি অভিযান আৰম্ভ কৰে। পুৰুষৰ ৫৫ কিলোগ্রাম ওজন শাখাত বতৱালে পেৰিছ অলিম্পিকত ভাগ লোৱা ব্ৰাজিলৰ মাইকেল ডগলাছ ট্ৰিণ্ডেডক ৩-২ ফলাফলত পৰাস্ত কৰে ৷ মহিলাৰ ৫৪ কিলোগ্রাম ওজন শাখাত সাক্ষীয়ে ইউক্রেইনৰ ভিক্টোৰিয়া স্কিউলক ৫-০ ফলাফলত পৰাস্ত কৰে। মহিলাৰ ৭০ কিলোগ্রাম ওজন শাখান চানুৱে ডেনমাৰ্কৰ ডিটে ফ্ৰষ্টহলমৰ বিৰুদ্ধে ৪-১ ফলাফলত বিজয় সাব্যস্ত কৰে। নৱগঠিত বিশ্ব বক্সিং পৰিষদৰ অধীনত অনুষ্ঠিত বিশ্ব চেম্পিয়ন...

September 4, 2025 11:26 AM

views 54

ইংলেণ্ডৰ লিভাৰ পুলত আজি চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ হ’ব

● ইংলেণ্ডৰ লিভাৰ পুলত আজি চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। এই প্রতিযোগিতাত ২০ জনীয়া ভাৰতীয় দলে অংশগ্রহণ কৰিব। এই চেম্পিয়নশ্বিপত অংশগ্ৰহণেৰে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা অসমৰ লাভলীনা বৰগোহাঁইয়ে এবছৰৰ বিৰতিৰ পিছত পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ঘূৰি আহিব। দুবাৰকৈ বিশ্ব চেম্পিয়ন হোৱা নিখাট জৰীনেও এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে। ২০২১ চনৰ বিশ্ব যুৱ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা শচীন ছিৱাছ আৰু হৰ্ষ চৌধুৰীৰ লগতে যদুমণি সিং, মনদেংবাম, হিতেশ গুলীয়া আৰু অবিন...

August 9, 2025 11:51 AM

views 46

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ১০ জন ভাৰতীয়ৰ ফাইনেলত প্ৰৱেশ

বেংককত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত সাত গৰাকী মহিলাকে ধৰি মুঠ ১০ জন ভাৰতীয় বক্সাৰে কালি নিজ নিজ শাখাত ছেমিফাইনেলত জয়লাভ কৰাৰ পাছত সোণৰ পদকৰ বাবে অৱতীৰ্ণ হ’ব। মহিলা বক্সাৰ নিশাই ৫৪ কিলোগ্ৰাম শাখাত, মচকানে ৫৭ কিলোগ্ৰাম, ভিনিয়ে ৬০ কিলোগ্ৰাম, নিশাই ৬৫ কিলোগ্ৰাম, আৰতী কুমাৰীয়ে ৭৫ কিলোগ্ৰাম, পাৰ্চি তোকাছে ৮০ কিলোগ্ৰাম আৰু মৌচম সুহাগে ৬৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত অৱতীৰ্ণ হব। একেদৰে পুৰুষ শাখাত ৰাহুল কুণ্ডুৱে ৭৫ কিলোগ্ৰাম আৰু হেমন্ত চংৱানে ৯০ কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হব। কৃতিকাই ৮০ ...

August 4, 2025 12:26 PM

views 46

২২ বছৰ অনুর্ধ বক্সিং প্রতিযোগিতাত ভাৱনা শৰ্মা আৰু য়াত্ৰী পেটেল ছেমি ফাইনেললৈ অগ্ৰসৰ

থাইলেণ্ডৰ ৰাজধানী বেংককত কালি অনুষ্ঠিত ২২ বছৰ অনুর্ধ বক্সিং প্রতিযোগিতা ২০২৫ ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দীক যোগ্য প্ৰভুত্ত্যৰ প্ৰদৰ্শনেৰে ভাৱনা শৰ্মা আৰু য়াত্ৰী পেটেলে ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছে। মহিলাৰ ৪৮ কিল'গ্রাম শাখাত ভাৱনা শৰ্মাই ভিয়েটনামৰ প্ৰতিদ্বন্দী নাগ'ক লিন চি নাগ'ক পৰাস্ত কৰে। একেদৰে মহিলাৰ ৫৭ কিল'গ্ৰামৰ যুঁজত যাত্রী পেটেলে শ্রী লংকাৰ কীৰ্তাথানা উত্থায়াকুমাৰৰ বিৰুদ্ধে আত্মবিশ্বাসী প্ৰদৰ্শনেৰে শেষৰ চাৰিটা পৰ্য্যায়ত প্ৰৱেশ কৰি বিজয় সাব্যস্ত কৰে।