ভাৰতৰ ৮ গৰাকী মহিলা আৰু ৭ গৰাকী পুৰুষসহ মুঠ ১৫ গৰাকী খেলুৱৈয়ে বিশ্ব বক্সিং কাপ ২০২৫ৰ ফাইনেলত প্রবেশ কৰিছে। বিশ্বৰ ১৬ খন দেশৰ ১৩০ গৰাকীতকৈও অধিক খেলুৱৈয়ে অংশগ্রহণ কৰা এই প্রতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় শাখাতে শ্রেষ্ঠ প্রদর্শন আগবঢ়াইছে। বিশ্ব চেম্পিয়ন জেচমিন লাম্বোৰিয়া আৰু দুবাৰৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন নিখাট জৰিনৰ নেতৃত্বত কালি বিশ্ব বক্সিঙত ভাৰতে সর্বকালৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে নিজৰ প্ৰতিপত্তি বজাই ৰাখে। নিখাটে ৫১ কিলোগ্রাম শাখাত উজবেকিস্তানৰ গুলচেভাৰ গেনিয়েভা ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত প্রবেশ কৰে। ইপিনে জেচমিনেও কাজাখস্তানৰ প্রতিদ্বন্দ্বী উলঝান চার্চেনবেকক ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হ‘ব।
Assamese | November 20, 2025 12:56 PM | Boxing
বিশ্ব বক্সিং কাপ ২০২৫ৰ ফাইনেলত ভাৰতৰ মুঠ ১৫ গৰাকী খেলুৱৈ ফাইনেলত প্রবেশ