কমনবেলথ গেমছ ২০২৬ত সোণৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

গ্লাচগ’ত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ৰ পুৰুষৰ ৮০ কিলোগ্রাম বক্সিং শাখাত সোণৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে ই প্রতিযোগিতাৰ সময়ছোৱাত খেলুৱৈগৰাকীৰ দৃঢ়তা আৰু দক্ষতা সঁচাকৈ প্রশংসাৰ যোগ্য। এই বক্সাৰ গৰাকীয়ে ভালেসংখ্যক যুৱ খেলুৱৈক শ্রেষ্ঠ প্ৰদৰ্শনৰ বাবে অনুপ্ৰেৰণা যোগাব বুলিও প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰে।

তেওঁ বক্সিঙত ৯০ কিলোগ্রাম শাখাত ৰূপৰ পদক বিজয়ী নৰেন্দৰ বেৰৱালকো শুভেচ্ছা জনায়। শ্রীমোদীয়ে পুৰুষৰ পাঁচ হাজাৰ মিটাৰ ইভেন্টত ব্ৰঞ্জৰ পদক বিজয়ী গুলবীৰ সিঙকো প্রশংসা কৰে। একেদৰে মহিলাৰ ৬৩ কিলোগ্রাম শাখাত জুডোত ব্ৰঞ্জৰ পদক লাভ কৰা উন্নতী শর্মাক প্রধানমন্ত্রীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে খেলৰ সময়ত খেলুৱৈগৰাকীৰ ক্ৰীড়াৰ প্ৰতি উৎসৰ্গাৰ মনোভাব সুন্দৰকৈ দেখা পোৱা গৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।