গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাঠিক স্পোর্টছ কমপ্লেক্সত অনুষ্ঠিত বর্ল্ড বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ প্ৰথম দিনা ভাৰতে সুন্দৰ আৰম্ভণি কৰিছে। ভাৰতৰ চাৰিওগৰাকী বক্সাৰে কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি ছেমি ফাইনেললৈ অগ্রগতি লাভ কৰিছে। মহিলাৰ ৪৯ কিলোগ্রাম আৰু ৫৮ কিলোগ্রাম শাখাত মিনাক্ষী আৰু প্রীতিয়ে কাজাখস্তানৰ বলাট একবটা আৰু উজবেকিস্তানৰ উক্তামভা নিগিনাক পৰাজিত কৰে। পুৰুষৰ ৮০ কিলোগ্রাম আৰু ৯০ কিলোগ্রামৰ উৰ্ধৰ শাখাত অংকুশ আৰু নৰেন্দৰে জাপানৰ বাকায়াগ আৰু ইউক্রেইনৰ মামাছ’লিয়েৰ খালিমজ’নক পৰাজিত কৰি ছেমি ফাইনেলত প্রবেশ কৰিছে।
Assamese | November 16, 2025 8:47 PM | Boxing
বর্ল্ড বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ প্ৰথম দিনা ভাৰতৰ চাৰিওগৰাকী বক্সাৰৰ ছেমি ফাইনেললৈ অগ্রগতি