■ ভাৰতে ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তিনিটা পদক নিশ্চিত কৰিছে। ভাৰতৰ জেচমিন লেম্ব’ৰিয়া, নুপুৰ শ্বিঅ’ৰান আৰু পূজা ৰাণীয়ে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৩৪ বছৰীয়া ৰাণীয়ে যোৱানিশা ৮০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ এমিলিয়া কোটেৰস্কাক ৩-২ ফলাফলত পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ইয়াৰ পূৰ্বে শ্বিঅ’ৰানে ৮০ কিলোগ্ৰামৰ অধিক ওজন শাখাত উজবেকিস্তানৰ অল্টিনিীয় ছতিমবয়েভাক পৰাভূত কৰে। একেদৰে জেচমিনেও নিজৰ ওজন শাখাৰ অন্তিম চাৰিগৰাকী খেলুৱৈৰ ভিতৰত স্থান নিশ্চিত কৰি দেশৰ বাবে পদক নিশ্চিত কৰে। অৱশ্যে দুবাৰৰ চেম্পিয়ন তথা অলিম্পিকত দুবাৰকৈ ৰূপৰ পদক বিজেতা নিখাট জৰিন ৫১ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত তুৰস্কৰ বুছে নাজ কাকিৰ’গ্লুৰ হাতত ৫-০ ফলত পৰাজিত হৈ প্রতিযোগিতাৰ পৰা বাহিৰ হয়৷
Assamese | September 11, 2025 3:05 PM | Akashvani | Boxing | India Athletic | SPORTS | World Boxing
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৩টা পদক নিশ্চিত