February 10, 2025 1:25 PM

views 60

আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ সামৰণি

শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ কালি সামৰণি পৰে। এই উপলক্ষে দৰগাহলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী অগণন লোকৰ সমাগম হয়। স্থানীয় হিন্দু ধৰ্মাৱলম্বী লোকসকলে দৰগাহলৈ প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰি আজানপীৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰ‍ উপলক্ষে অনুষ্ঠিত জিকিৰ প্ৰতিযোগিতাত কেইবাটাও দলে জিকিৰ পৰিৱেশন কৰে। কালি অনুষ্ঠিত মুকলি সভাত ডিব্ৰুগড় বিশ্ববি...

February 7, 2025 6:55 PM

views 60

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। শিৱসাগৰ নগৰৰ বোর্ডিং খেলপথাৰত এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ শিৱসাগৰ, নাজিৰা আৰু ডিমৌ সমষ্টিৰ প্ৰায় ১,৫০০ খেলুৱৈয়ে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিব। ৩ দিনীয়াকৈ আয়োজিত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে, ওদালগুৰি...

January 27, 2025 7:10 PM

views 50

শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত

শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। তলাতল ঘৰ প্ৰাংগণত স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ উদ্বোধন আৰু তোৰণ মুকলি কৰি এই সভাৰ শুভাৰম্ভ কৰা হয়। আজিৰ প্ৰথম দিনা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই সমন্বয় ক্ষেত্ৰ আৰু তোৰণ আনুষ্ঠানিকভাবে মুকলি কৰে। ইয়াৰ পাছত ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশৰ্মাই অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী কৰাৰ লগতে দশম শ্ৰেণী পর্যন্ত অসমীয়া বিষয়ক বাধ্যত...

January 15, 2025 7:42 PM

views 83

শিৱসাগৰ জিলাৰ পৰ্যটনৰ বিকাশৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰভূত উন্নয়ন কৰিব পৰা যাব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি শিৱসাগৰত টাই-আহোম যুৱ পৰিষদে আয়োজন কৰা পঞ্চদশ বাৰ্ষিক ৰংপুৰ মেলা শীতকালীন উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰংপুৰ মেলাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি আয়োজকসকলৰ প্ৰচেষ্টাৰ শলাগ লয়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীবৰুৱাই ৰাজ্য চৰকাৰে জিলাখনৰ পৰ্যটনৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। শিৱদৌল, জয়দৌল, তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ আদিকে ধৰি আহোম সাম্ৰাজ্যৰ ঐতিহাসিক সমলেৰে ভৰি থকা ...

December 30, 2024 12:48 PM

views 53

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত অসম ৰছীটনা প্রতিযোগিতাৰ সামৰণি

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত অসম ৰছীটনা প্রতিযোগিতাৰ কালি সামৰণি পৰে। দুশৰো অধিক প্ৰতিযোগিৰ অংশগ্রহণেৰে অনুষ্ঠিত প্রতিযোগিতাৰ পুৰুষ শাখাত কামৰূপ দলে চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। প্ৰতিযোগিতাত গোলাঘাট আৰু শোণিতপুৰ দলে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে মহিলাৰ শাখাত গোলাঘাট চেম্পিয়ন হোৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ জিলা হিচাপে শোণিতপুৰ আৰু ডিমাহাচাও নিৰ্বাচিত হয়।

December 28, 2024 10:09 PM

views 72

শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাংগণত ৩দিনীয়া কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনত সপ্তদশ দ্বি-বার্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত

শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনত সপ্তদশ দ্বি-বার্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনা মহাবিদ্যালয় প্ৰাংগণত এই উপলক্ষে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। পুৱাৰ ভাগত সদৌ অসম কবি সন্মিলনৰ ৩৭ খন পতাকা একেলগে উত্তোলন কৰা হয়। সন্মিলনৰ পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে আজিয়েই সভাপতি আৰু প্ৰধান সম্পাদক নিৰ্বাচিত কৰা হয়

December 22, 2024 8:41 PM

views 56

বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক শিৱসাগৰত ২০২৪ বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰদান

সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক আজি শিৱসাগৰত ২০২৪ বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত এটা অনুষ্ঠানত অগ্ৰণী প্ৰকাশন প্রতিষ্ঠান বাক্যই আগবঢ়োৱা এই বঁটা লোকসংস্কৃতিৰ গৱেষক ড০ অনিল শ‍ইকীয়াই ঔপন্যাসিকগৰাকীক প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানতে ড০ ৰীতামণি বৰাৰ গল্পসংকলন, সত্যজিৎ নাথৰ কাব্য সংকলন, মিন্টু সাগৰ দাসৰ গ্ৰন্থ আৰু কাব্য আলোচনী ভাষাও উন্মোচন কৰা হয়। অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাব তথা গড়গাঁও মহাবিদ্যালয়ৰ সভাপতি ড০ সব্যসাচী মহন্ত...

December 10, 2024 7:34 PM

views 47

শিৱসাগৰৰ বৰপুখুৰীত উদ্ধাৰ হোৱা পাৱাৰগ্ৰীড ক’পৰেচনৰ অভিযন্তা চিন্ত কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বৰপুখুৰীত কালি উদ্ধাৰ হোৱা পাৱাৰগ্ৰীড ক’পৰেচনৰ অভিযন্তা চিন্ত কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন কৰা হয়। কালি পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণৰ বাবে অহা লোকে বৰপুখুৰীত এটা মৃতদেহ ওপঙি থকা দেখি আৰক্ষীক খবৰ দিয়ে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে সহজে ধন উপাৰ্জনৰ ফান্দত ভৰি দি সৰ্বস্বান্ত হৈয়েই এই অভিযন্তাগৰাকীয়ে আত্মহননৰ পথ বাছি লোৱা বুলি প্ৰাৰম্ভিক অনুসন্ধানত কোৱা হৈছে।

November 12, 2024 9:10 AM

views 58

শিৱসাগৰৰ হাফলুটিং বৰনামঘৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন

শিৱসাগৰ জিলাৰ হাফলুটিং বৰনামঘৰ আৰু কলা-কৃষ্টি কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অহা ১৪ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনাৰ মাধ্যমেৰে আৰম্ভ হ'বলগীয়া ৭০ সংখ্যক মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি বৰনামঘৰৰ নৱনিৰ্মিত কীৰ্তন গৃহৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি উদ্যোক্তাসকলে জনাইছে। ৰাসক্রীড়া মহোৎসৱৰ পাছত ১৬ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ...

October 20, 2024 12:13 PM

views 67

বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহলৈ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মাতৃভাষা বঁটা ২০২৪

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক আজি মাতৃভাষা বঁটা ২০২৪ প্ৰদান কৰা হ'ব। শিৱসাগৰ নগৰৰ সমীপৰ ধাইআলিত থকা ইমৰান শ্বাহৰ বাসগৃহত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব। যোৱা ৬ অক্টোবৰত মঙলদৈত অনুষ্ঠিত শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত সফলতাৰে অনুষ্ঠিত হৈ যোৱা সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসত লোৱা সিদ্ধান্তমর্মে ইমৰান শ্বাহক এই বঁটা প্ৰদান কৰা হ'ব বুলি অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে জানিবলৈ দি...