September 23, 2024 12:10 PM

views 54

শিৱসাগৰৰ ষ্টেচন চাৰিআলিত আৰক্ষীৰ অভিযানত ১৪টা ড্ৰাগছভর্তি কণ্টেইনাসহ ২ মাদক দ্রব্য সৰবৰাহকাৰীক আটক

শিৱসাগৰ জিলা আৰক্ষীয়ে যোৱা নিশা শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত অভিযান চলাই ১৪টা ড্ৰাগছভর্তি কণ্টেইনাসহ দুটা মাদকদ্রব্য সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাৰ পৰা নগদ ধন আৰু মোবাইল ফোনৰ এখন মটৰচাইকেল জব্দ কৰে।

September 3, 2024 5:44 PM

views 61

খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্রাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সঁজাতি দলৰ শিৱসাগৰ ভ্ৰমণ

খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্রাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ এটা সঁজাতি দলে আজি শিৱসাগৰ ভ্ৰমণ কৰে। সংগঠনটোৰ সভাপতি ইছলামুল হক মণ্ডলৰ নেতৃত্বত অহা ৪ জনীয়া দলটোৱে আজি এখন সংবাদমেল সম্বোধন কৰি দেশী, গৰিয়া-মৰিয়া, চৈয়দ আৰু জলহা খিলঞ্জীয়া মুছলমানসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। সজাতি দলটোৱে উজনিলৈ কাম কৰিবলৈ যোৱা দেশী শ্রমিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে বীৰ লাচিত সেনা, সদৌ অসম টাই-আহোম ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। স...

July 16, 2024 1:23 PM

views 54

দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ কালি সামৰণি

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ কালি সামৰণি পৰে। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত কালি সন্ধিয়া কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। কাৰ্যসূচীত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বর্তমান চৰকাৰে চিন্তা-চৰ্চা কৰি আছে বুলি মন্তব্য কৰে। অনুষ্ঠানত ৰংপুৰ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

July 15, 2024 12:27 PM

views 61

দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্রমণ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্রমণ কৰিছে। এই কাৰ্যসূচীৰ অংশহিচাপে তেওঁ পুৱাৰ ভাগত ইতিহাস প্রসিদ্ধ শিৱদৌল পৰিদৰ্শন কৰে। ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মতে, জিলাখন ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান ল'ব বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কেইবাখনো জনজাতীয় গাঁও ভ্ৰমণ কৰি বান পৰিস্থিতিৰো পৰ্যালোচনা কৰিব। আজি দিনৰ ভাগত তেওঁ জলজীৱন আঁচনিৰ খতিয়ান লোৱাৰ লগতে নিতাই পুখুৰীত নৱনিৰ্মিত আহোম পথাৰ ...

June 28, 2024 6:48 PM

views 58

শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্ধাৰিত ২০ লাখ ঘৰৰ ভিতৰত ১৮ লাখ ৬০ হাজাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ বজাৰসমূহৰ মহলদাৰ ব্যৱস্থা সম্পূৰ্ণ ৰূপে বাতিল কৰা হ'ব বুলি জানিবলৈ দিয়ে...

June 27, 2024 7:41 PM

views 50

 জনসাধাৰণৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে শিৱসাগৰ পৌৰসভাৰ অনলাইন গুগল শ্বীটৰ ব্যৱস্থা

শিৱসাগৰ পৌৰসভাই নগৰখনৰ জনসাধাৰণৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে অনলাইন গুগল শ্বীটৰ ব্যৱস্থা কৰিছে। পৌৰসভাক অধিক জনমুখী কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি পৌৰ কৰ্তৃপক্ষই এখন সংবাদমেলযোগে জানিবলৈ দিছে। এই গুগল শ্বীটৰ জৰিয়তে নগৰখনৰ ৰাইজে পৌৰ এলেকাৰ বাট পথ, নলা-নর্দমা, স্ট্রিট লাইট, জাৱৰ সংগ্ৰহ, খোৱাপানী আদিৰ লগতে পৌৰসভাৰ আওঁতাত থকা বিভিন্ন বিষয় সন্দৰ্ভত জনাৰ সুবিধা লাভ কৰাৰ লগতে তেওঁলোকৰ অসুবিধা তথা অভিযোগ দাখিল কৰিব পাৰিব বুলি সাংবাদিকক জানিবলৈ দিছে।

June 1, 2024 8:04 PM

views 63

অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা

তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। শিৱসাগৰ প্ৰেছ ক্লাবত এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলীম কল্যাণ পৰিষদ, সদৌ অসম মৰিয়া ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি কেইবাটাও সংগঠনে বহিৰাগত লবীৰ ষড়যন্ত্ৰৰ ফলত অ এন জি চিৰ অসম সম্পদক শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া চল...