পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্ধাৰিত ২০ লাখ ঘৰৰ ভিতৰত ১৮ লাখ ৬০ হাজাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ বজাৰসমূহৰ মহলদাৰ ব্যৱস্থা সম্পূৰ্ণ ৰূপে বাতিল কৰা হ’ব বুলি জানিবলৈ দিয়ে। বজাৰসমূহত নিবিদা ব্যৱস্থাই সাধাৰণ কৃষকক বিপদত পেলোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী দাসে এই ব্যৱস্থা বিলুপ্ত কৰা হ’ব বুলি ব্যক্ত কৰে। উচ্চ হাৰৰ নিবিদাৰ ফল ক্ষুদ্র কৃষক ৰাইজে ভূগিবলগা হয় বুলি তেওঁ কয়। নিবিদা বাতিলৰ ফলত চৰকাৰে ৩০ৰ পৰা ৩৫ কোটি টকাৰ ৰাজহ হেৰুৱাব যদিও কৃষকসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই চৰকাৰে এই সিদ্ধান্ত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৰ্তমান যিসমূহ বজাৰৰ নিবিদা হৈ গ’ল সেইসমূহ তেনেদৰেই চলি থাকিব যদিও নিবিদা হ’বলগীয়া বজাৰসমূহৰ ক্ষেত্ৰত চৰকাৰে নিয়ন্ত্ৰণ কৰিব, যাতে উচ্চ হাৰত নিবিদা দাখিল কৰিব নোৱাৰে। কেবিনেট উপ-সমিতিৰ সিদ্ধান্ত মৰ্মে ২০২৫ চনৰ এপ্ৰিলৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী হ’ব। শীঘ্ৰেই এই বিষয়ক লৈ জাননী জাৰি কৰা হ’ব বুলিও মন্ত্ৰী ৰঞ্জিত দাসে জানিবলৈ দিয়ে।
Assamese | June 28, 2024 6:48 PM | Akashvani | Akashvani News | Assam | RanjeetkrDass | Sivasagar
শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ