সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক আজি শিৱসাগৰত ২০২৪ বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত এটা অনুষ্ঠানত অগ্ৰণী প্ৰকাশন প্রতিষ্ঠান বাক্যই আগবঢ়োৱা এই বঁটা লোকসংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়াই ঔপন্যাসিকগৰাকীক প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানতে ড০ ৰীতামণি বৰাৰ গল্পসংকলন, সত্যজিৎ নাথৰ কাব্য সংকলন, মিন্টু সাগৰ দাসৰ গ্ৰন্থ আৰু কাব্য আলোচনী ভাষাও উন্মোচন কৰা হয়। অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাব তথা গড়গাঁও মহাবিদ্যালয়ৰ সভাপতি ড০ সব্যসাচী মহন্ত, বিশিষ্ট কবি গংগামোহন মিলি আৰু বুৰঞ্জীবিদ নবীন বুঢ়াগোঁহায়ো উপস্থিত থাকে।
Assamese | December 22, 2024 8:41 PM | Sivasagar
বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক শিৱসাগৰত ২০২৪ বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰদান