শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান কালিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি এই উপলক্ষে মহাবিদ্যালয়খনত প্ৰাক্তন ছাত্ৰীসকলৰ মহামিলন আৰু অন্তৰংগ সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কালি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হয়। আজি দিনৰ ভাগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ বীৰেন বৰকটকী সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰা হৈছে। ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তোষেশ্বৰ দত্তৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হ‘ব ।
Assamese | February 10, 2025 1:35 PM | Sivasagar
বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠান আৰম্ভ