June 23, 2025 7:18 PM

views 69

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস হৈছে। আজি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰা মন্ত্ৰী যোগেন মহনে এই বিষয়ে আমাৰ সংবাদদাতাক অৱগত কৰে। আজি মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ এটা সজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে বিগত ১২ দিনে অ’ এন জি চিয়ে সকলো সুৰক্ষা প্ৰট’কল অনুসৰণ কৰি গেছ নিগমন ৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি অ’ এন জি চিৰ অসম সম্পদৰ সাধাৰণ প্ৰবন্ধক কে এন ছাংৱানে সংবাদ মাধ্যমক সদৰি কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ...

June 23, 2025 5:57 PM

views 65

নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত

যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ যোৱাৰ লগতে ঐতিহাসিক ৰংঘৰৰ চাৰিওফালে পানী জমা হৈছে। নগৰখনৰ নলা-নৰ্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবেই এই ঐতিহাসিক ঠাইডোখৰ কৃত্ৰিম বানৰ কৱলত পৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে।

June 19, 2025 6:47 PM

views 60

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা ২২ জুনৰ পৰা ধাৰাবাহিকভাৱে এই অঞ্চলটোত গেছ নির্গমন হৈ আছে। ইয়াৰ মাজতে আজি পুৱা ২০৪ নম্বৰ খাৰুৱা তেল খাদত গেছৰ অত্যধিক চাপৰ বাবে এটা মৃদু বিস্ফোৰণ সংঘটিত হয়। স্থানীয় লোকে এই সন্দৰ্ভত কৰ্তৃপক্ষক খবৰ দিয়াৰ পাছত অ' এন জি চি কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিধায়ক অখিল গগৈয়ে গেছ নির্গমন ৰোধ কৰিব নোৱাৰাৰ বাবে অ' এন জি চি কৰ্তৃপক্ষক সমালোচন...

June 2, 2025 9:07 PM

views 72

শিৱসাগৰ নগৰৰ সমীপৰ ভটিয়াপাৰত মাদক দ্রব্য জব্দৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ

শিৱসাগৰ আৰক্ষীয়ে আজি নগৰখনৰ সমীপৰ ভটিয়াপাৰত মাদক দ্রব্য জব্দ কৰাৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখী এখন বাহনত তালাচী চলাই মাদক দ্রব্যখিনি জব্দ কৰে। ধৃত যুৱক দুজনে চাবোনৰ বাকচত মাদক দ্রব্যখিনি লুকুৱাই আনিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

May 29, 2025 6:22 PM

views 72

শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমাৰ বাবে জিলা কৃষি বিভাগৰ আহ্বান

কৃষক কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত শস্য বীমা কৰোৱা কৃষকসকলৰ শস্য, প্রাকৃতিক দুর্যোগ অথবা কীট-পতংগই অনিষ্ট কৰিলে তেওঁলোকক ইয়াৰ ক্ষতিপূৰণ দিয়া হ'ব। এই আঁচনিৰ অধীনত মাত্ৰ এশ টকাত ১ হেক্টৰ কৃষি ভূমিৰ শস্য বীমা কৰিব পাৰিব বুলি জিলা কৃষি বিভাগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে কৃষকসকলে শালি খেতিৰ বাবে ৩১ জুলাই পর্যন্ত পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ বাবে আধাৰকাৰ্...

May 12, 2025 6:27 PM

views 61

শিৱসাগৰ জিলাৰ ১২ খন জিলা পৰিষদৰ ৬ খন আসনত বিজেপিৰ জয়লাভ

শিৱসাগৰ জিলাৰ ৩টা বিধানসভা সমষ্টিৰ ১২ খন জিলা পৰিষদৰ ৬ খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। বাকী ৬ খন আসনৰ ৫ খনত দলটোৱে অগ্ৰগতি লাভ কৰিছে। খেলুৱা জিলা পৰিষদত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ ২৭ খন আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফলতো বিজেপি আগুৱাই আছে। দলটোৱে ২৩ খন আসনত জয়লাভ কৰাৰ বিপৰীতে অগপই ৩ খন আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰিছে। নাজিৰা বিধানসভা সমষ্টিত বিজেপিয়ে ১৯ খন আঞ্চলিক পঞ্চায়তত জয়লাভ কৰিছে। সমষ্টিটোত অগপই এখন আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰিছে। শিৱসাগৰ জিলাৰ ড...

April 23, 2025 6:55 PM

views 51

পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণতৰ ঘটনাক গৰিহণা দি শিৱসাগৰ নাগৰিক সমাজৰ প্ৰতিবাদী কাৰ্যসূচী

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৮ গৰাকী নিৰীহ লোক নিহত হোৱাৰ ঘটনাক গৰিহণা দি আজি শিৱসাগৰ নাগৰিক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নাগৰিক সমাজে নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হত্যা-হিংসা বন্ধ কৰাৰ দাবী জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি তথা লোকসভাৰ সাংসদ দিলীপ শ‍ইকীয়াই পহলগামৰ সন্ত্ৰাসবাদী আক্রমণক কাপুৰুষালী আখ্যা দি চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

March 20, 2025 7:01 PM

views 54

শিৱসাগৰ পলিটেকনিকৰ অংশকালীন প্রবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

শিৱসাগৰ পলিটেকনিকৰ অংশকালীন প্রবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে এই প্ৰবক্তাসকলৰ ন্যায্য দাবী পূৰণ কৰিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে।

February 14, 2025 8:01 PM

views 57

ঐতিহাসিক শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়াকৈ শিৱৰাত্ৰী উদযাপন

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত দৌল উন্নয়ন পৰিষদে সংবাদ মেল পাতি বিগত বছৰৰ দৰে এইবাৰো শিৱদৌলত শিৱৰাত্ৰী উদযাপনৰ দিহা কৰা হৈছে বুলি প্ৰকাশ কৰিছে। শিৱদৌল উন্নয়ন পৰিষদে জনোৱা অনুসৰি শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়াকৈ শিৱৰাত্ৰী উদযাপন কৰা হ'ব। শিৱৰাত্ৰী উপলক্ষে আয়োজন কৰা মেলাত বিগত বছৰৰ দৰে এইবাৰো থলুৱা ব্যৱসায়ীৰ লগতে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিব। ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯ বাজি ৩০ মিনিটত পুজা আৰম্ভ হ'ব আৰু ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৯.৩০ বজাত শিৱৰাত্ৰীৰ পুজা সমাপ্ত হ'ব। দৌল পৰিষদে জন...

February 10, 2025 1:35 PM

views 52

বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠান আৰম্ভ

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান কালিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি এই উপলক্ষে মহাবিদ্যালয়খনত প্ৰাক্তন ছাত্ৰীসকলৰ মহামিলন আৰু অন্তৰংগ সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কালি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হয়। আজি দিনৰ ভাগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ বীৰেন বৰকটকী সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰা হৈছে। ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তোষেশ্বৰ দত্তৰ আৱক্ষ মূৰ্তি উ...