শিৱসাগৰ জিলাত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি পৰে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ পৌৰসভাৰ সহযোগত অনুষ্ঠিত এই কর্মশালাত যোগাসন, বাঁহী বাহন, কলা আৰু ভাস্কৰ্য বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। কর্মশালাখনত ৪৫ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। যোৰহাট জিলাৰ টীয়কত কৃষ্টিৰ কঠিয়া গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰো আজি সামৰণি পৰে। এই কৰ্মশালাত ৪০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। কাকজান মহাবিদ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | July 23, 2025 6:38 PM | Akashvani News | Local news | Sivasagar
শিৱসাগৰত সমষ্টিভিত্তিত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি