January 2, 2025 8:22 PM

views 56

ডি আৰ ডি অ’ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীক সম্বোধন ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাক ইয়াৰ গৱেষণা আৰু উন্নয়নমূলক কামকাজত ষ্টার্টআপক সামৰি লোৱাৰ সম্ভাৱনাক অন্বেষণ কৰাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি ডি আৰ ডি অ'ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীক সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰী সিঙে কয়, যে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে নতুন উদ্ভাৱনী প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ এই সংস্থাই নতুন নতুন মূল্যবান ধাৰণা গ্ৰহণ কৰা উচিত। তেওঁ দেশৰ নিৰাপত্তা বাহিনীসমূহৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ থলুৱাভাৱে বিকশাই তোলাৰ বাবে প্...

December 13, 2024 5:21 PM

views 64

ভাৰতীয় সংবিধান হৈছে দেশৰ সভ্যতা আৰু মূল্যবোধৰ প্ৰকাশঃ ৰাজনাথ সিং

লোকসভাত আজি ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাক লৈ এটা বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাত আগভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশকে স্পৰ্শ কৰি জাতি গঠনৰ প্ৰক্ৰিয়াৰ প্ৰশস্ত কৰি তুলিছে। তেওঁ কয়, যে এই সংবিধান হৈছে দেশৰ সভ্যতা আৰু মূল্যবোধৰ প্ৰকাশ। মন্ত্ৰীগৰাকীয়ে কয়, যে ৭৫ বছৰ পূৰ্বে সংবিধান সভাই ন-কৈ স্বাধীন হোৱা ভাৰতৰ বাবে এখন সংবিধান প্ৰস্তুতৰ বাবে প্ৰক্ৰিয়া চলাইছিল। ৩ বছৰীয়া বিতৰ্ক আৰু বিবেচনাৰ পাছ...

December 11, 2024 1:46 PM

views 47

মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বৰ উদ্ধৃতি দি কয় যে নতুন দিল্লীয়ে সদায় ৰাছিয়াৰ বন্ধুসকলৰ কাষত থিয় দি আহিছে। এটা বিবৃতিযোগে প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মস্কোত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভৰ সৈতে সামৰ...

November 22, 2024 5:48 PM

views 43

ভিয়েনটিয়ানত জাপানৰ প্ৰতিৰক্ষা মন্ত্রী জেনেৰেল নিকাটানিক সাক্ষাৎ ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লাওছৰ ৰাজধানী ভিয়েনটিয়ানত জাপানৰ প্ৰতিৰক্ষা মন্ত্রী জেনেৰেল নিকাটানিক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী সিঙে কয়, যে জেনেৰেল নিকাটানিৰ সৈতে তেওঁ এটা ফলপ্রসূ আলোচনাত মিলিত হয়। শ্রী সিঙে দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্বই মুক্ত আৰু নিয়ম আধাৰিত ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ড সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা ব্যক্ত কৰে। শ্ৰী সিঙে লগতে ফিলিপিন্‌ছৰ প্ৰতিৰক্ষা সচিব গিলবার্টো টেওডুবোকো সাক্ষাৎ কৰে। তেওঁ কয়, যে এক্ট-ইষ্ট নীতি আৰু ভাৰত-প্...

November 21, 2024 5:54 PM

views 45

একাদশ আছিয়ান বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ভাষণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভাৰতে সদায় জটিল আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধানৰ বাবে পোষকতা কৰে বুলি উল্লেখ কৰে। লাওচৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত একাদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে মুক্ত যোগাযোগ আৰু শান্তিপূর্ণ আলোচনাৰ প্ৰতিশ্ৰুতিৰ লগতে সীমা বিবাদৰ পৰা আৰম্ভ কৰি বাণিজ্যিক চুক্তিলৈকে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীক স্পষ্ট ৰূপত দাঙি ধৰে। তেওঁ ভাৰতে বিশ্বজনীন সমস্যাই প্রকৃত, দীৰ্ঘম্যাদী সমস্যাৰ সমাধান সম্ভৱ হোৱাৰ কথা উল্লেখ কৰি জাতিসমূহে গঠ...

November 20, 2024 5:42 PM

views 67

আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণৰ উদ্দেশ্যে লাওছ অভিমুখে ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আজি লাওছ অভিমুখে ৰাওনা হৈছে। এই বৈঠকৰ সময়ছোৱাত তেওঁ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক লৈ গঠিত এখন মঞ্চতো ভাষণ দিব। উল্লেখযোগ্য যে এ ডি এম এম হ’ল আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ পাৰস্পৰিক সহযোগিতা বিষয়ৰ শীৰ্ষস্থানীয় মঞ্চ। আছিয়ান গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ – ব্রুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইন্‌ছ, ছিংগাপুৰ, থ...

November 12, 2024 2:24 PM

views 45

যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত দিল্লী প্ৰতিৰক্ষা আলোচনাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে নতুন পৰিস্থিতিৰ সৈতে খাপ খাব পৰা প্ৰতিৰক্ষা কৌশলগত বিকল্প নহয়, বৰং আৱশ্যকতাহে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিৰুদ্ধে তথ্য যুদ্ধৰ বিভীষিকা দূৰ কৰাৰ বাবে নতুন পৰিস্থিতিৰ সৈতে খাপ খাব পৰা প্ৰতিৰক্ষা ...

November 3, 2024 11:17 AM

views 33

ভাৰতৰ আত্মনিৰ্ভৰ অভিযানৰ ফলত দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতৰ আত্মনিৰ্ভৰ অভিযানে আশা কৰা ধৰণৰ ফল দিছে আৰু দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে যুৱক-যুৱতীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ বাবে থলুৱাভাৱে অত্যাধুনিক প্রযুক্তি বিকশাই তুলিবলৈ আহ্বান জনায়। অত্যাধুনিক প্ৰযুক্তিৰ আৱশ্যকতাৰ ওপৰত গুৰুত...

October 31, 2024 5:40 PM

views 43

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিলে টাৱাঙত নিৰ্মিত  চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলৰ ক্ষেত্ৰত থকা মতানৈক্য সমাধানৰ বাবে কূটনৈতিক আৰু সামৰিক দুয়োটা পৰ্যায়তে আলোচনাত মিলিত হয়। এই আলোচনা অনুসৰি সম আৰু পাৰস্পৰিক নিৰাপত্তাৰ ভিত্তিত বহুলভাৱে সহমতত উপনীত হয়। শ্রী সিঙে ভার্চুৱেল ব্যৱস্থাৰে টাৱাঙত আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি আৰু মেজৰ ৰালেংনাও বব খাটিং ‘সাহসৰ সংগ্ৰহালয়' উদ্বোধন কৰি এনেদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে টাৱাঙত নিৰ্মাণ কৰা চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিয়ে...

October 31, 2024 11:32 AM

views 41

ভাৰতে সদায় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত বিশ্বাস কৰেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, নিৰন্তৰ সামৰিক আৰু কূটনৈতিক প্ৰচেষ্টাৰ বাবেই ভাৰত আৰু চীন প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলত পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে সহমতত উপনীত হৈছে। তেজপুৰৰ বড়াখানাত কালি নিশা সৈনিকসকলক সম্বোধন কৰি শ্রীসিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে সদায় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত বিশ্বাস কৰে। চৰকাৰে দেশৰ সেনা বাহিনীৰ স্বাৰ্থৰ কথা বিবেচনা কৰি শান্তি বাহাল কৰাৰ এই প্ৰক্ৰিয়াত আৱশ্যকীয় পদক্ষেপ ল'ব বুলি তেওঁ সজোৰে প্ৰকা...