প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীসিঙে কয়, যে সাহস, ত্যাগ আৰু পেচাদাৰিত্বৰ বাবে ভাৰতীয় সেনা সুবিখ্যাত। দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেখুওৱা উচৰ্গাৰ মনোভাৱৰ লগতে প্রাকৃতিক দুৰ্য্যোগৰ সময়ত নাগৰিকসকললৈ আগবঢ়োৱা সহায়-সাহায্যৰ বাবেও তেওঁ সেনা-জোৱানসকলক প্ৰশংসা কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ প্ৰতি আগবঢ়োৱা অসামান্য সেৱাৰ বাবে প্ৰতিজন নাগৰিক ভাৰতীয় সেনাৰ প্ৰতি কৃতজ্ঞ।
Assamese | January 15, 2025 8:36 PM | Indian Army Day | Rajnath Singh
সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শুভেচ্ছা জ্ঞাপন