October 24, 2024 12:35 PM
33
নতুন দিল্লীত চাণক্য প্ৰতিৰক্ষা আলোচনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ দ্বিতীয় সংস্কৰণ মুকলি ৰাজনাথ সিঙৰ
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত চাণক্য প্ৰতিৰক্ষা আলোচনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। মন্ত্ৰীগৰাকীয়ে এই আলোচনাচক্ৰত ভাৰতীয় সেনাৰ সেউজ উদ্যম আৰু আই এৰ ডিজিটেলকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব। শ্রীসিঙে লগতে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্য উপনীত হোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উন্নয়ন আৰু সুৰক্ষাৰ বাবে ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত মূল ভাষণ প্ৰদান কৰিব। স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ...