November 22, 2024 5:48 PM

views 53

ভিয়েনটিয়ানত জাপানৰ প্ৰতিৰক্ষা মন্ত্রী জেনেৰেল নিকাটানিক সাক্ষাৎ ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লাওছৰ ৰাজধানী ভিয়েনটিয়ানত জাপানৰ প্ৰতিৰক্ষা মন্ত্রী জেনেৰেল নিকাটানিক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী সিঙে কয়, যে জেনেৰেল নিকাটানিৰ সৈতে তেওঁ এটা ফলপ্রসূ আলোচনাত মিলিত হয়। শ্রী সিঙে দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্বই মুক্ত আৰু নিয়ম আধাৰিত ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ড সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা ব্যক্ত কৰে। শ্ৰী সিঙে লগতে ফিলিপিন্‌ছৰ প্ৰতিৰক্ষা সচিব গিলবার্টো টেওডুবোকো সাক্ষাৎ কৰে। তেওঁ কয়, যে এক্ট-ইষ্ট নীতি আৰু ভাৰত-প্...

November 21, 2024 5:54 PM

views 49

একাদশ আছিয়ান বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ভাষণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভাৰতে সদায় জটিল আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধানৰ বাবে পোষকতা কৰে বুলি উল্লেখ কৰে। লাওচৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত একাদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে মুক্ত যোগাযোগ আৰু শান্তিপূর্ণ আলোচনাৰ প্ৰতিশ্ৰুতিৰ লগতে সীমা বিবাদৰ পৰা আৰম্ভ কৰি বাণিজ্যিক চুক্তিলৈকে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীক স্পষ্ট ৰূপত দাঙি ধৰে। তেওঁ ভাৰতে বিশ্বজনীন সমস্যাই প্রকৃত, দীৰ্ঘম্যাদী সমস্যাৰ সমাধান সম্ভৱ হোৱাৰ কথা উল্লেখ কৰি জাতিসমূহে গঠ...

November 20, 2024 5:42 PM

views 77

আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণৰ উদ্দেশ্যে লাওছ অভিমুখে ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আজি লাওছ অভিমুখে ৰাওনা হৈছে। এই বৈঠকৰ সময়ছোৱাত তেওঁ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক লৈ গঠিত এখন মঞ্চতো ভাষণ দিব। উল্লেখযোগ্য যে এ ডি এম এম হ’ল আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ পাৰস্পৰিক সহযোগিতা বিষয়ৰ শীৰ্ষস্থানীয় মঞ্চ। আছিয়ান গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ – ব্রুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইন্‌ছ, ছিংগাপুৰ, থ...

November 12, 2024 2:24 PM

views 55

যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত দিল্লী প্ৰতিৰক্ষা আলোচনাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে নতুন পৰিস্থিতিৰ সৈতে খাপ খাব পৰা প্ৰতিৰক্ষা কৌশলগত বিকল্প নহয়, বৰং আৱশ্যকতাহে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিৰুদ্ধে তথ্য যুদ্ধৰ বিভীষিকা দূৰ কৰাৰ বাবে নতুন পৰিস্থিতিৰ সৈতে খাপ খাব পৰা প্ৰতিৰক্ষা ...

November 3, 2024 11:17 AM

views 38

ভাৰতৰ আত্মনিৰ্ভৰ অভিযানৰ ফলত দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতৰ আত্মনিৰ্ভৰ অভিযানে আশা কৰা ধৰণৰ ফল দিছে আৰু দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে যুৱক-যুৱতীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ বাবে থলুৱাভাৱে অত্যাধুনিক প্রযুক্তি বিকশাই তুলিবলৈ আহ্বান জনায়। অত্যাধুনিক প্ৰযুক্তিৰ আৱশ্যকতাৰ ওপৰত গুৰুত...

October 31, 2024 5:40 PM

views 53

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিলে টাৱাঙত নিৰ্মিত  চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলৰ ক্ষেত্ৰত থকা মতানৈক্য সমাধানৰ বাবে কূটনৈতিক আৰু সামৰিক দুয়োটা পৰ্যায়তে আলোচনাত মিলিত হয়। এই আলোচনা অনুসৰি সম আৰু পাৰস্পৰিক নিৰাপত্তাৰ ভিত্তিত বহুলভাৱে সহমতত উপনীত হয়। শ্রী সিঙে ভার্চুৱেল ব্যৱস্থাৰে টাৱাঙত আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি আৰু মেজৰ ৰালেংনাও বব খাটিং ‘সাহসৰ সংগ্ৰহালয়' উদ্বোধন কৰি এনেদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে টাৱাঙত নিৰ্মাণ কৰা চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিয়ে...

October 31, 2024 11:32 AM

views 48

ভাৰতে সদায় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত বিশ্বাস কৰেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, নিৰন্তৰ সামৰিক আৰু কূটনৈতিক প্ৰচেষ্টাৰ বাবেই ভাৰত আৰু চীন প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলত পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে সহমতত উপনীত হৈছে। তেজপুৰৰ বড়াখানাত কালি নিশা সৈনিকসকলক সম্বোধন কৰি শ্রীসিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে সদায় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত বিশ্বাস কৰে। চৰকাৰে দেশৰ সেনা বাহিনীৰ স্বাৰ্থৰ কথা বিবেচনা কৰি শান্তি বাহাল কৰাৰ এই প্ৰক্ৰিয়াত আৱশ্যকীয় পদক্ষেপ ল'ব বুলি তেওঁ সজোৰে প্ৰকা...

October 24, 2024 12:35 PM

views 39

নতুন দিল্লীত চাণক্য প্ৰতিৰক্ষা আলোচনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ দ্বিতীয় সংস্কৰণ মুকলি ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত চাণক্য প্ৰতিৰক্ষা আলোচনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। মন্ত্ৰীগৰাকীয়ে এই আলোচনাচক্ৰত ভাৰতীয় সেনাৰ সেউজ উদ্যম আৰু আই এৰ ডিজিটেলকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব। শ্রীসিঙে লগতে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্য উপনীত হোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উন্নয়ন আৰু সুৰক্ষাৰ বাবে ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত মূল ভাষণ প্ৰদান কৰিব। স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ...

October 8, 2024 7:44 PM

views 49

জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট ৰিয়ছৰে মন্ত্ৰী ৰাজনাথ সিঙৰ টেলিফোনযোগে বাৰ্তালাপ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট ৰিয়ছৰ সৈতে টেলিফোনযোগে কথা পাতে। শ্রীসিঙে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কৈছে যে, কথোপকথনৰ সময়ত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু যোগান শৃংখলা শক্তিশালী কৰাৰ বিভিন্ন উপায় সম্পর্কে আলোচনা কৰে। আলোচনাকালত বায়ু আৰু সামুদ্রিক ক্ষেত্ৰৰ অনুশীলনসহ বৰ্তমানৰ বিভিন্ন সহযোগিতামূলক কাম-কাজৰো পৰ্যালোচনা চলোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু জাৰ্মানীৰ যুটীয়া প্ৰকল্পসমূহৰ লগতে প্ৰতিৰক্...

October 4, 2024 7:56 PM

views 54

ভাৰতীয় প্ৰতিৰক্ষা নির্মাণ সংস্থাৰ সমাজ – এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাষণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে, চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্রুতিবদ্ধ। নতুন দিল্লীত ভাৰতীয় প্ৰতিৰক্ষা নির্মাণ সংস্থাসমূহৰ সমাজ - এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৩-২৪ বৰ্ষত ঘৰুৱা প্ৰতিৰক্ষা উৎপাদনে ১ লাখ ২৭ হাজাৰ কোটি টকাৰ অভিলেখ সংখ্যক পৰিমাণ অতিক্ৰম কৰিছে। মন্ত্ৰীগৰাকীয়ে কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ প্ৰতিৰক্ষা তথা স্বাধীন সংস্থাসমূহৰ লগতে শেহতীয়া প্রয...