প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীল নীতিক দোহাৰিছে। তেওঁ কয়, যে পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নহ’ব। নতুন দিল্লীত ভাৰতীয় বায়ু সেনাই আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কালিৰ আক্ৰমণৰ প্ৰতিআক্ৰমণ কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব। পেহেলগামৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক গৰিহণা দি শ্রীসিঙে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে।
Assamese | April 23, 2025 8:37 PM | Akashvani News | Jammu and Kashmir | pahalgam | Rajnath Singh
পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নহ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী