August 11, 2024 8:11 PM

views 43

দেশৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, তেওঁ আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্ৰজাতি মুকলি কৰে। তেওঁ লগতে কয় যে, ইয়ে কৃষকসকলৰ আয় বৃদ্ধিত সহায় কৰিব। মুকলি কৰা ১০৯টা প্ৰজাতিৰ ভিতৰত ৩৪ বিধ ব্যাপক এলেকাত ৰোপণ কৰিব পৰা শস্য আৰু ২৭ বিধ উদ্যান শস্য আছে। ব্যাপক এলেকাত ৰোপণ কৰিব পৰা ফচলসমূহৰ ভিতৰত মিলেট, বিভিন্ন খাদ্য শস্য, ...

August 11, 2024 12:01 PM

views 46

নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্ৰজাতিৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্ৰজাতি মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে খেতিয়ক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰিব । প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে, মুকলি কৰিবলগীয়া ১০৯টা প্ৰজাতিৰ ভিতৰত ৩৪ বিধ ব্যাপক এলেকাত ৰোপণ কৰিব পৰা শস্য আৰু ২৭ বিধ উদ্যান শস্য আছে। ব্যাপক এলেকাত ৰোপণ কৰিব পৰা ফচলসমূহৰ ভিতৰত মিলেট, বিভিন্ন খাদ্য শস্য, দানা জাতীয় শস্য, তৈলবীজ, দাইল, কুঁহিয়াৰ, কঁপাহ...

August 10, 2024 7:17 PM

views 43

কাইলৈ প্ৰধানমন্ত্ৰীয়ে অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্রজাতি মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯ টা প্রজাতি মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে খেতিয়ক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে, মুকলি কৰিবলগীয়া ১০৯টা প্ৰজাতিৰ ভিতৰত ৩৪ বিধ ব্যাপক এলেকাত ৰোপণ কৰিব পৰা শস্য আৰু ২৭ বিধ উদ্যান শস্য আছে। ব্যাপক এলেকাত ৰোপণ কৰিব পৰা ফচলসমূহৰ ভিতৰত মিলেট, বিভিন্ন খাদ্য শস্য, দানা জাতীয় শস্য, তৈল বীজ, দাইল, কুঁহিয়াৰ, কঁ...

August 5, 2024 12:10 PM

views 44

দেশৰ অভিলেখ গেছ উৎপাদনক উন্নত ভাৰতৰ লক্ষ্যৰ পদক্ষেপ বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ সংকল্পত উপনীত হ'বলৈ দেশৰ শক্তিখণ্ডত আত্মনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। দেশৰ অভিলেখ গেছ উৎপাদনক উন্নত ভাৰতৰ লক্ষ্যৰ এটা পদক্ষেপ বুলি তেওঁ অভিহিত কৰে। এই সাফল্যৰ বাবে প্রধানমন্ত্ৰীগৰাকীয়ে দেশ-বাসীক অভিনন্দন জ্ঞাপন কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রী মোদীয়ে এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত দেশৰ গেছ উৎপাদন ২৮ দশমিক ৭ বিলিয়ন...

August 2, 2024 5:13 PM

views 48

আন্তঃৰাষ্ট্ৰীয় কৃষি অর্থনীতিবিদ সন্মিলন কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় কৃষি অর্থনীতিবিদ সন্মিলন কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। শ্রীমোদীয়ে এই সভাত ভাষণ দিব। এই ত্ৰি-বাৰ্ষিক সন্মিলনৰ চলিত মাহৰ ৭ তাৰিখে সামৰণি পৰিব। এই সন্মিলনৰ বিষয়বস্তু হৈছে – বহনক্ষম খাদ্য ব্যৱস্থাৰ ৰূপান্তৰ।

August 1, 2024 5:05 PM

views 27

প্ৰধানমন্ত্ৰী মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন ছিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন ছিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত আছে। এই বৈঠকৰ পাছত উভয় ৰাষ্ট্ৰৰ সহমতত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। আজি পুৱা নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱন চৌহদত অভ্যাগত প্রধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে এটি অভ্যর্থনাৰ আয়োজন কৰা হয়। প্রধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত তেওঁক সাক্ষাৎ কৰে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিস্থলত পুষ্পার্ঘ্য নিবেদন কৰে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীগৰাকী...

July 25, 2024 5:44 PM

views 40

২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কাইলৈ কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কাইলৈ কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব। তেওঁ কৰ্তব্যৰ সময়ত সৰ্বোচ্চ ত্যাগ কৰা সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব। শ্ৰী মোদীয়ে ভার্চুৱেলি শ্বিনকুন্ লা সুৰংগ প্ৰকল্পৰ শুভাৰম্ভ কৰিব। ৪.১ কিলোমিটাৰজোৰা এই সুৰংগ প্ৰকল্প ৮০০ ফুট উচ্চতাত নিমু-পদুম-ডৰ্চাৰ পৰা লেহলৈ সকলো সময়তে উপযোগী হোৱাকৈ নিৰ্মাণ কৰা হ'ব। এই প্রকল্প সম্পূৰ্ণ হ'লে ই বিশ্বৰ ভিতৰতে আটাইতকৈ উচ্চত নির্মিত সুৰংগৰূপে চিহ্নিত হ'ব। শ্বিনকুন্ লা সুৰংগই কেৱল যে সৈনিকসকলৰ অস্ত...

July 22, 2024 5:35 PM

views 44

কেন্দ্ৰীয় বাজেটে দেশৰ পৰৱৰ্তী ৫ বছৰৰ কাৰ্যকলাপৰ বাবে দিশ নিৰ্ণয় কৰিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কাইলৈ দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটে দেশৰ পৰৱৰ্তী ৫ বছৰৰ কাৰ্যকলাপৰ বাবে দিশ নিৰ্ণয় কৰাৰ লগতে ২০৪৭ বৰ্ষৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে ভেটি প্রস্তুত কৰিব। আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী মোদীয়ে কয় যে লোকসভাৰ শেহতীয়া নিৰ্বাচনত দেশৰ জনসাধাৰণে তেওঁলোকৰ ৰায় দান কৰে আৰু এতিয়াৰেপৰা পৰৱৰ্তী ৫ বছৰৰ বাবে সকলো ৰাজনৈতিক দলেই একেলগে কাম কৰাটো অপৰিহাৰ্য হৈ পৰিল। বিৰোধী দলসমূহে নিজৰ বি...

July 20, 2024 8:05 PM

views 58

প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮,৬০০ কোটি টকাৰ ঋণ বিতৰণ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে, প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮ হাজাৰ ৬০০ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে। নতুন দিল্লীত আজি ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধীকৰণে আয়োজন কৰা পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ প্ৰশিক্ষণ আৰু সজাগতা অনুষ্ঠানত পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ বাবে খাদ্য সুৰক্ষা প'ৰ্টেল আৰু নাতি-নীৰ্দেশনা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশিক্ষণ আৰু দক্ষতাৰ বিকাশৰ জৰিয়ত...

July 20, 2024 8:02 PM

views 36

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনযোগে প্রধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই অনাগত সময়ত দ্বিপাক্ষিক সহযোগিতাক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। দুয়ো পক্ষৰ মাজৰ শেহতীয়া যোগাযোগৰ ফলত সৃষ্টি হোৱা গতিৰ বিষয়ে আলোকপাত কৰি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক আগবঢ়াই নিয়াৰ বাবে সহমত প্ৰকাশ কৰে। এই ক্ষেত্ৰসমূহ হৈছে–বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা, পশুপালন, ফার্মাচিউটিকেল, শিক্ষা, মহাকাশ আদি। প্রধানমন্ত্র...