প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই অনাগত সময়ত দ্বিপাক্ষিক সহযোগিতাক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। দুয়ো পক্ষৰ মাজৰ শেহতীয়া যোগাযোগৰ ফলত সৃষ্টি হোৱা গতিৰ বিষয়ে আলোকপাত কৰি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক আগবঢ়াই নিয়াৰ বাবে সহমত প্ৰকাশ কৰে। এই ক্ষেত্ৰসমূহ হৈছে–বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা, পশুপালন, ফার্মাচিউটিকেল, শিক্ষা, মহাকাশ আদি। প্রধানমন্ত্রী মোদীয়ে নিউজিলেণ্ডত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ স্বাৰ্থৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ বাবে শ্ৰী লাক্সনক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী লাক্সনেও ভাৰতীয় লোকসকলক যতন তথা সুৰক্ষাৰ বাবে তেওঁৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে আশ্বাস প্ৰদান কৰে।
Assamese | July 20, 2024 8:02 PM | narendra modi | PM Modi
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনযোগে প্রধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ