October 15, 2024 8:26 PM

views 29

লোথলৰ সামুদ্রিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্য্যটন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব – প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, গুজৰাটৰ লোথলত নিৰ্মাণ কৰিবলগীয়া সামুদ্রিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্য্যটন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পষ্টযোগে কৈছে যে, কেন্দ্রীয় মন্ত্রীসভাই অলপতে লোথলত ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদ বিকশাই তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে, ভাৰতে সাংস্কৃতিক আৰু পৰ্য্যটন খণ্ডত অধিক অংশগ্রহণ বিচাৰিছে। শ্রীমোদীয়ে লগতে পৰ্য্যটন ক্ষেত্ৰৰ ব্যৱসায়ীসকলক ক্ষেত্ৰখনত নতুন সুযোগৰ অন্বেষণ কৰিবলৈ আৰু বিষয়টো সন্দৰ্ভত...

October 15, 2024 7:24 PM

views 34

কেন্দ্ৰীয় চৰকাৰে দেশত মহিলা সৱলীকৰণৰ লক্ষ্যৰে প্ৰযুক্তিৰ ব্যৱহাৰ সূচল কৰি তুলিছে বুলি প্রধানমন্ত্রীৰ মন্তব্য

কেন্দ্ৰীয় চৰকাৰে দেশত মহিলা সৱলীকৰণৰ লক্ষ্যৰে প্ৰযুক্তিৰ ব্যৱহাৰ সূচল কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ অর্থাৎ আই টি ইউৰ বিশ্ব দূৰসংযোগ মান নিৰ্ধাৰণ সভা ২০২৪ মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰকাশ কৰে । অনাগত সময়ৰ ভাৰতবৰ্ষত দেশৰ প্ৰতিগৰাকী কন্যাই প্রযুক্তি ক্ষেত্ৰৰ গুৰি ধৰিব বুলি তেওঁ আশা প্ৰকাশ কৰাৰ কথাও ভাষণত উল্লেখ কৰে। ভাৰতে মহিলা নেতৃত্বাধীন বিকাশৰ বাবে গুৰুত্ব সহকাৰে কাম কৰি আছে বুলি ...

October 13, 2024 8:35 PM

views 33

বিনামূলীয়া পুষ্টিকৰ চাউলৰ যোগান জুলাই ২০২৪ৰ পৰা ডিচেম্বৰ ২০২৮ লৈ অব্যাহত ৰখাত কেন্দ্ৰৰ অনুমোদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আৰু অন্যান্য কল্যাণকামী আঁচনিকে ধৰি চৰকাৰৰ সকলো আঁচনিৰ অধীনত বিনামূলীয়া পুষ্টিকৰ চাউলৰ যোগান জুলাইৰ ২০২৪ৰ পৰা ডিচেম্বৰ ২০২৮ লৈ অব্যাহত ৰখাত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অংশ হিচাপে ভাৰত চৰকাৰৰ এশ শতাংশ পুঁজিৰে এই পুষ্টিকৰ চাউলৰ যোগানৰ পদক্ষেপ অব্যাহত থাকিব। এই অনুসৰি দেশত পুষ্টি সুৰক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্রধানমন্ত্রীয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱসত দিয়া ভাষণৰ লগতে সংগতি ...

October 10, 2024 8:03 PM

views 40

ভাৰতৰ এক ইষ্ট নীতিয়ে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে থকা সম্পৰ্কক নতুন গতি আৰু দিশ প্ৰদান কৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ এক ইষ্ট নীতিয়ে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে থকা সম্পৰ্কক নতুন গতি আৰু দিশ প্ৰদান কৰিছে। তেওঁ লগতে একবিংশ শতিকা ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ বুলি প্ৰকাশ কৰিছে। লাওৰ ৰাজধানী ৱিয়েটিয়ানত অনুষ্ঠিত ভাৰত আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু আছিয়ান দেশসমূহ শান্তিপ্ৰিয় ৰাষ্ট্ৰ আৰু তেওঁলোকে পৰস্পৰৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সাৰ্বভৌমত্বক সন্মান কৰে। শ্ৰী মোদীয়ে কয় যে, বিশ্বৰ বিভিন্ন অংশ সংঘৰ্ষ আৰু উত...

October 10, 2024 7:20 PM

views 60

ৰাষ্ট্ৰপতি মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী মোদীৰ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্ৰকাশ

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ শেষকৃত্য ক্ষন্তেক পাছতে মুম্বাইৰ ৱলিত সম্পন্ন কৰা হ'ব। গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ হৈ ৰতন টাটাৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব। ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রী শ্রী শ্বাহ মুম্বাইত উপস্থিত হৈছে। উল্লেখযোগ্য যে ৰতন টাটাক শেষ শ্রদ্ধা জনোৱাৰ বাবে মুম্বাইৰ পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰত সহস্ৰাধিক গুণমুগ্ধই ভিৰ কৰে। মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত কালি ৮৬ বছৰ বয়সত মৃত্যু হোৱা ৰতন টাটাক শেষ শ্ৰদ্ধা জনাবলৈ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল...

October 9, 2024 7:32 PM

views 57

বিজেপি চৰকাৰৰ প্ৰথম ১০০ টা দিনত বয়োজ্যেষ্ঠ লোকসকলৰ চিকিৎসাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ১৪ হাজাৰ স্বাস্থ্য শিবিৰ মুকলি

আয়ুষ মন্ত্ৰ্যালয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথম এশটা দিনত বয়োজ্যেষ্ঠ লোকসকলৰ চিকিৎসাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ১৪ হাজাৰ স্বাস্থ্য শিবিৰ মুকলি কৰিছে। গুৱাহাটীত থকা কেন্দ্ৰীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ দীনেশ বৰুৱাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মন্ত্ৰ্যালয়ে বিভিন্ন ৰোগত আক্ৰান্তসকলৰ জীৱন ধাৰণ সুচল কৰিব পৰাকৈ ভালেমান পদক্ষেপ লৈছে। গুৱাহাটীত থকা কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানত নিত্য নতুন চিকিৎসা সুবিধা প্ৰদানৰ দ্বাৰা আয়ুষ চিকিৎসা ব্...

October 8, 2024 11:45 AM

views 43

বিগত ২৩ বছৰত পোৱা শিক্ষাই দেশক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে : প্ৰধানমন্ত্ৰী

 চৰকাৰৰ মুৰব্বী হিচাপে ২৩ বছৰ সম্পূৰ্ণ কৰা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বছৰবোৰৰ শিক্ষাই দেশক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা লোৱাৰ ক্ষেত্ৰত তেওঁক সমৰ্থ কৰি তুলিছে বুলি মত প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এলানি পোষ্টত শ্ৰী মোদীয়ে জনসাধাৰণক তেওঁলোকৰ আশীৰ্বাদ আৰু শুভকামনাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয় যে ২০০১ চনৰ ৭ অক্টোবৰত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যখনে সন্মুখীন হোৱা ভালেমান প্রত্যাহ্বান সন্...

October 7, 2024 11:16 AM

views 60

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে: কিৰেণ ৰিজিজু

■ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে। এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, মণিপুৰৰ কিছু সংখ্যক ঘটনাৰ বাহিৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বৰ্তমান শান্তি বিৰাজ কৰিছে। কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয় যে, দলটোৱে অঞ্চলটোৰ বিকাশৰ বাবে কোনো ধৰণৰ গঠনমূলক কাম কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ১০ হাজাৰতকৈ অধিক উগ্রপন্থীয়ে অস্ত্রসহ আত্মসমৰ্...

October 2, 2024 8:42 PM

views 52

প্রধানমন্ত্ৰীয়ে উপহাৰ স্বৰূপে লাভ কৰা সামগ্ৰীসমূহৰ ই নিলামৰ সময়সীমা ৩১ অক্টোবৰলৈকে বৃদ্ধি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপহাৰ স্বৰূপে লাভ কৰা সামগ্ৰীসমূহৰ ই নিলামৰ সময়সীমা ৩১ অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে। প্ৰথমে এই সময়সীমা ১৭ চেপ্তেম্বৰৰ পৰা আজিলৈকে আছিল। চৰকাৰে জনসাধাৰণক এই ই নিলামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ই-নিলামৰ পৰা সংগ্ৰহীত ধনৰাশি নমামি গংগে পুঁজিত ব্যৱহাৰ কৰা হ'ব। ইচ্ছুক ব্যক্তিয়ে pmmementos.gov.in official ৱেৱছাইটত পঞ্জীয়ন কৰি ই-নিলামত অংশগ্ৰহণ কৰিব পাৰিব। বিশেষ চিত্রশিল্প, প্ৰসিদ্ধ মন্দিৰৰ প্ৰতিকৃতি, হিন্দু দেৱ-দেৱীৰ প্ৰতিকৃতি, পেৰালিম্পিয়ানসকলৰ জোত...

October 2, 2024 8:33 PM

views 24

ঝাৰখণ্ডৰ হাজাৰিবাগত প্রধানমন্ত্ৰীৰ ৮৩, ৩০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ হাজাৰিবাগত ৮৩ হাজাৰ ৩০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি কৰে। এই প্রকল্পসমূহৰ ভিতৰত ধৰতী আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আছে যাৰ মুঠ ব্যয় হৈছে ৭৯ হাজাৰ ১৫০ কোটি টকা। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী জনজাতি আদিৱাসী নয়া মহা অভিযানৰ অন্তৰ্গত বিভিন্ন প্রকল্পও আছে। প্রধানমন্ত্রীয়ে ৪০ খন একলব্য বিদ্যালয় মুকলি কৰাৰ লগতে ২৫ খন একলব্য বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। হাজাৰিবাগৰ বিনোৱা ভাৱে বিশ্ববিদ্যালয় প্ৰাঙ্গনত এই উপলক্ষে আয়োজিত...