আয়ুষ মন্ত্ৰ্যালয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথম এশটা দিনত বয়োজ্যেষ্ঠ লোকসকলৰ চিকিৎসাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ১৪ হাজাৰ স্বাস্থ্য শিবিৰ মুকলি কৰিছে। গুৱাহাটীত থকা কেন্দ্ৰীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ দীনেশ বৰুৱাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মন্ত্ৰ্যালয়ে বিভিন্ন ৰোগত আক্ৰান্তসকলৰ জীৱন ধাৰণ সুচল কৰিব পৰাকৈ ভালেমান পদক্ষেপ লৈছে। গুৱাহাটীত থকা কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানত নিত্য নতুন চিকিৎসা সুবিধা প্ৰদানৰ দ্বাৰা আয়ুষ চিকিৎসা ব্যৱস্থা উন্নত ৰূপত বিকশিত কৰাৰ ব্যৱস্থা লোৱা হৈছে। এই প্রতিষ্ঠানটোত উত্তৰ-পূবৰ প্ৰথমটো পঞ্চকর্ম চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেতিয়াৰ আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কেন্দ্ৰটো উদ্বোধন কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰটোত ৪ হাজাৰ ৫০০ৰো অধিক ৰোগীয়ে পঞ্চকর্ম চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি কিশোৰীসকলৰ ৰক্তহীনতাৰ সমস্যা দূৰ কৰাৰ বাবে বিশেষ অভিযান ৰূপায়ণ কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। আজিৰ সংবাদমেলত অসমৰ আয়ুষ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক শশী সোণোৱাল, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্যও উপস্থিত থাকে।
Assamese | October 9, 2024 7:32 PM | BJP 100 | narendra modi | PM Modi
বিজেপি চৰকাৰৰ প্ৰথম ১০০ টা দিনত বয়োজ্যেষ্ঠ লোকসকলৰ চিকিৎসাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ১৪ হাজাৰ স্বাস্থ্য শিবিৰ মুকলি