প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, গুজৰাটৰ লোথলত নিৰ্মাণ কৰিবলগীয়া সামুদ্রিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্য্যটন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পষ্টযোগে কৈছে যে, কেন্দ্রীয় মন্ত্রীসভাই অলপতে লোথলত ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদ বিকশাই তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে, ভাৰতে সাংস্কৃতিক আৰু পৰ্য্যটন খণ্ডত অধিক অংশগ্রহণ বিচাৰিছে। শ্রীমোদীয়ে লগতে পৰ্য্যটন ক্ষেত্ৰৰ ব্যৱসায়ীসকলক ক্ষেত্ৰখনত নতুন সুযোগৰ অন্বেষণ কৰিবলৈ আৰু বিষয়টো সন্দৰ্ভত দিহা-পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়।
Assamese | October 15, 2024 8:26 PM | PM Modi
লোথলৰ সামুদ্রিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্য্যটন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব – প্ৰধানমন্ত্ৰী