October 31, 2024 12:19 PM

views 40

একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুজৰাটৰ কেৱৰিয়াত লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অনাগত ২৫ বছৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে ৰাষ্ট্ৰীয় একতা অত্যন্ত গুৰুত্বপূৰ্ণ তেওঁ কয় যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে নিজৰ নীতি আৰু সিদ্ধান্তৰ জৰিয়তে এক ৰাষ্...

October 29, 2024 6:12 PM

views 41

জনজাতীয় নেতা কার্তিক ওৰাওনৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰীৰ শ্রদ্ধা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনজাতীয় নেতা কার্তিক ওৰাওনৰ জন্ম শতবার্ষিকী উপলক্ষে শ্রদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্রীমোদীয়ে ওৰাওনক এগৰাকী মহান নেতা হিচাপে অভিহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে- প্রয়াত ওৰাওনে জনজাতীয় সম্প্ৰদায়ৰ অধিকাৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ জনজাতীয় সংস্কৃতি আৰু পৰিচয় সুৰক্ষিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল আৰু বঞ্চিতসকলৰ কল্যাণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানে দেশবাসীক অনুপ্রাণিত কৰিব বুলি শ্রীমোদীয়ে উল্লেখ কৰে।

October 28, 2024 8:14 PM

views 41

গুজৰাটৰ আমৰেলিত প্ৰায় ৪,৮০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আমৰেলিত প্ৰায় ৪ হাজাৰ ৮০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প মুকলি কৰাৰ লগতে আন কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উদ্দেশ্যে আয়োজিত সমাবেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে জল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে ৷ তেওঁ কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত গুজৰাটে বৃহৎ পৰিৱৰ্তন আৰু বহুমুখী বিকাশ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে আৰু এই সময়ছোৱাত সৌৰাষ্ট্ৰৰ অত্যন্ত শুকান অঞ্চলসমূহলৈও পানীৰ যোগান সম্ভৱ হৈছে আৰু ইয়ে কৃষকসকলৰ স...

October 25, 2024 6:13 PM

views 33

ভাৰত আৰু জাৰ্মানীৰ সম্পৰ্ক প্ৰতিটো স্তৰতে সুদৃঢ় কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চলাৰ অ'লাফ ছোল্‌জ আজি নতুন দিল্লীত সপ্তম আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত সহ অধ্যক্ষতা কৰে। শ্ৰীছোল্‌জ যোৱানিশা তিনিদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। আন্তঃচৰকাৰী পৰামৰ্শ বৈঠক পূৰ্ণ চৰকাৰী মঞ্চ আৰু ইয়াৰ অধীনত দুয়োপক্ষৰ মন্ত্ৰীসকলে নিজ নিজ ক্ষেত্ৰৰ দায়িত্ব সম্পর্কে আলোচনা কৰি ইয়াৰ প্ৰতিবেদন প্রধানমন্ত্ৰী আৰু চেন্সেলৰৰ হাতত প্ৰদান কৰে। দুয়োগৰাকী নেতাই সুৰক্ষা আৰু প্ৰতিৰক্ষা সহযোগিতা, ঘনিষ্ঠ অর্থনৈতিক সহযোগিতা, সেউজ আৰু বহনক্ষম উন্নয়ন অংশীদাৰি...

October 24, 2024 12:33 PM

views 27

ব্রিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি যোৱা নিশা নতুন দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি যোৱা নিশা নতুন দিল্লীলৈ উভতি আহে। প্রধানমন্ত্ৰীয়ে সন্মিলনত ভাগ লোৱাৰ সুযোগতে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ইৰাণৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মছুদ পেজেছকিয়ানৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্রীমোদীয়ে লগতে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি চৌকত মিৰ্জিয়োয়েভ আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইৰ ৰাষ্ট্ৰপতি শেখ মহম্মদ বিন জায়েদ অল নাহ্য়ানৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

October 22, 2024 8:39 PM

views 43

ৰাছিয়া-ইউক্রেইনৰ সংঘাত শান্তিপূর্ণ পন্থাৰে সমাধান কৰাত ভাৰতে সহযোগ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ কাজানত অনুষ্ঠিত ষোড়শ ব্রীকছ শীর্ষ সন্মিলনৰ সুযোগতে দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাকালত শ্রীমোদীয়ে ৰাছিয়া-ইউক্রেইনৰ সংঘাত শান্তিপূৰ্ণ পন্থাৰে সমাধান কৰা উচিত বুলি ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বিষয়ে পুনৰ উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে মানৱীয় প্ৰচেষ্টাক অগ্ৰাধিকাৰ দি শান্তি আৰু সুস্থিৰতাৰ পুনৰুদ্ধাৰৰ ওপৰত আস্থা ৰাখে। এইক্ষেত্ৰত ভাৰতে সকলো সহযোগিতা আগবঢ়াবলৈ সাজু বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয...

October 21, 2024 11:14 AM

views 45

ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী আজি ৰাছিয়ালৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষোড়শ ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা অর্থাৎ ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি ৰাছিয়ালৈ যাব। প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনৰ আপাহঁতে সদস্য ৰাষ্ট্ৰৰ নেতা তথা অন্যান্য আমন্ত্রিত ব্যক্তিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৯ খনলৈ বৃদ্ধি পোৱাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে এই সন্মিলন অনুষ্ঠিত হৈছে। ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ইজিপ্ত, ইৰাণ, ইথিউপিয়া আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক অন্তৰ্ভুক্ত কৰাৰ প্ৰ...

October 17, 2024 8:31 PM

views 27

ভাষা, সাহিত্য, শিল্প, আধ্যাত্মিকতা আদিয়ে এটা জাতিৰ সাংস্কৃতিক পৰিচয়ৰ গঢ় দিয়েঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাষা, সাহিত্য, শিল্প, আধ্যাত্মিকতা আদিয়ে এটা জাতিৰ সাংস্কৃতিক পৰিচয়ৰ গঢ় দিয়ে। নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস কাৰ্যসূচীত ভাষণ দি প্রধানমন্ত্রীয়ে এইদৰে কয়। ভগৱান বুদ্ধৰ শিক্ষালৈ আঙুলিয়াই তেওঁ কয় যে ভাৰতে অমৃত কাল নামেৰে পৰিচিত এটা পৰিৱৰ্তনশীল যাত্ৰাত নামিছে, যিটো যাত্ৰা ২০৪৭ চনত শিখৰত উপনীত হ'ব। তেওঁ কয় যে ভগৱান বুদ্ধৰ প্ৰজ্ঞাৰ দ্বাৰা পৰিচালিত হৈ দেশে অভুতপূৰ্ব আৰু ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হ'ব। তেওঁ কয় যে বুদ্ধৰ কালজয়ী শিক্ষা অনুসৰ...

October 17, 2024 10:42 AM

views 34

অভিধম্ম দিৱস আৰু পালিভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্রদান সমাৰোহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অভিধম্ম দিৱস আৰু পালিভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্রদান সমাৰোহত অংশগ্ৰহণ কৰিব। সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় বুদ্ধ পৰিষদে এই দিৱসৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সমাৰোহত অভিধম্ম দিৱস, পালিভাষাৰ গুৰুত্ব আৰু বৌদ্ধ ধৰ্মৰ চহকী ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ বিষয়ে মত প্ৰকাশ কৰিব। সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুও সমাৰোহত উপস্থিত থাকিব। পালি ভাষাই অলপতে আন চাৰিটা ভাষাৰ সৈতে ধ্রুপদী...

October 16, 2024 8:30 PM

views 39

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত সক্রিয় সদস্যতা অভিযান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত সক্রিয় সদস্যতা অভিযানৰ শুভাৰম্ভ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে বিজেপি দলৰ প্ৰথমজন সক্রিয় সদস্য হোৱা বাবে দলটোৰ এজন কৰ্মী হিচাপে গৌৰৱ প্ৰকাশ কৰে। সক্ৰিয় সদস্যতা অভিযানে বিজেপিক তৃণমূল পৰ্য্যায়ত অধিক শক্তিশালী কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত দলৰ কাৰ্য্যকৰ্তাৰ সক্রিয় অংশগ্ৰহণ নিশ্চিত কৰিব বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, দলৰ এজন সক্রিয় সদস্য হ'বলৈ এগৰাকী কাৰ্...