প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি যোৱা নিশা নতুন দিল্লীলৈ উভতি আহে। প্রধানমন্ত্ৰীয়ে সন্মিলনত ভাগ লোৱাৰ সুযোগতে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ইৰাণৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মছুদ পেজেছকিয়ানৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্রীমোদীয়ে লগতে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি চৌকত মিৰ্জিয়োয়েভ আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইৰ ৰাষ্ট্ৰপতি শেখ মহম্মদ বিন জায়েদ অল নাহ্য়ানৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
Assamese | October 24, 2024 12:33 PM | PM Modi
ব্রিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি যোৱা নিশা নতুন দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী