November 12, 2024 8:19 PM

views 26

বিশ্ব বিলিয়াড চেম্পিয়ন ২০২৪ৰ খিতাপ অৰ্জন কৰা পংকজ আদৱানীক প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্ব বিলিয়াড চেম্পিয়ন ২০২৪ৰ খিতাপ অৰ্জন কৰাৰ বাবে পংকজ আদৱানীক শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্রী মোদীয়ে এটা বাৰ্তাত তেওঁৰ খেলৰ প্ৰতি সমৰ্পন, আগ্ৰহ আৰু দায়বদ্ধতাৰ বাবে প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে খেলুৱৈগৰাকীৰ সাফল্যই নৱ প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰি থাকিব বুলি আশা প্রকাশ কৰে ।

November 12, 2024 8:22 AM

views 91

উত্তৰাখণ্ডৰ জনতাক ইগাছ উৎসৱ উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ অনিল বালুনিৰ নতুন দিল্লীত থকা বাসগৃহত কালি ইগাছ উৎসৱত ভাগ লয়। উল্লেখযোগ্য যে ইগাছ হৈছে উত্তৰাখণ্ডৰ পৰম্পৰাগত পোহৰৰ উৎসৱ। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে দেশৰ জনসাধাৰণ আৰু উত্তৰাখণ্ডৰ জনতাক এই উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ আনন্দ, সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে, প্রায় বিলুপ্ত হৈ পৰা এই ইগাছ উৎসৱ এতিয়া উত্তৰাখণ্ডৰ লোকসকলৰ বিশ্বাসৰ ভেটি হিচাপে গঢ় লৈ উঠিছে। তেওঁ উত্তৰাখণ্ডৰ লোকসকলক এই পৰম্পৰাগত উ...

November 11, 2024 11:48 AM

views 44

শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে গুজৰাটৰ ৱাডটলত শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ এই উপলক্ষে সমবেত লোকসকলক উদ্দেশ্যি ভাষণো দিব। উল্লেখযোগ্য যে ৱাডটলৰ শ্ৰীস্বামীনাৰায়ণ মন্দিৰে কেইবা দশক ধৰি জনসাধাৰণৰ সামাজিক তথা আধ্যাত্মিক জীৱনক প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

November 8, 2024 12:31 PM

views 35

অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রী মোদীয়ে কয় যে, চাৰিদিনজোৰা ষষ্ঠ মহাপৰ্বৰ জৰিয়তে প্ৰকৃতি আৰু সংস্কৃতিৰ অপূৰ্ব সমাহাৰ সকলোৱে প্ৰত্যক্ষ কৰে আৰু জনসাধাৰণক নতুন উদ্যম আৰু শক্তিৰে অনুপ্ৰাণিত কৰি তোলে ৷

November 7, 2024 1:07 PM

views 90

ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনযোগে ডনাল্ড ট্রাম্পৰ সৈতে কথা পাতে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত লাভ কৰা আকৰ্ষণীয় জয়ৰ বাবে তেওঁক অভিনন্দন জনায়। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু আন ভালেমান খণ্ডত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিবলৈ পুনৰ একেলগে কাম কৰিবলৈ আগ্রহী। প্রধানমন্ত্ৰীয়ে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নিৰ্বাচনৰ ৰিপাব্লিকান দলৰ প্ৰদৰ্শনৰ বাবেও ৰাষ্ট্ৰপতি ট্রাম্পক অভিনন্দন ...

November 4, 2024 5:48 PM

views 51

ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ৰাজ্যবাসীলৈ প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ ৩ৰ পৰা ৯ তাৰিখলৈ অসমত পালন কৰি থকা ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্ৰীয়ে ভাষা গৌৰৱ সপ্তাহৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয় যে, এই সপ্তাহটো অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়া উপলক্ষে অসমৰ জনসাধাৰণৰ উদ্যমৰ প্ৰতীক। তেওঁ কয় যে, এই সপ্তাহটোত উদযাপন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীয়ে বিভিন্ন সংস্কৃতি আৰু জনসাধাৰণৰ সংযোগ গভীৰ কৰি তুলিব। প্রধানমন্ত্ৰীয়ে অসমৰ বাহিৰৰ লোক সকলকো এ...

November 2, 2024 12:32 PM

views 33

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ ভ্ৰমণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ৮ তাৰিখে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শাসকীয় মহাজোঁটৰ বাবে তেওঁ ধুলেত প্ৰচাৰ চলাব। প্রধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ অন্যান্য স্থানতো নিৰ্বাচনী প্ৰচাৰ চলাব ৷

November 2, 2024 12:10 PM

views 41

ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয় লৈ কংগ্ৰেছক তীব্র সমালোচনা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয় লৈ কংগ্ৰেছক তীব্র সমালোচনা কৰে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে এই বুলি অভিযোগ তোলে যে, দেশৰ জনসাধাৰণে কংগ্ৰেছৰ হকে ভোটদান কৰা মানে অপশাসন, বেয়া অৰ্থব্যৱস্থা আৰু লুণ্ঠনৰ হকে ভোটদান বুলি অনুভৱ কৰিবলৈ লৈছে। তেওঁ কয় যে, জনসাধাৰণে কংগ্ৰেছৰ পুৰণি ভুৱা প্ৰতিশ্ৰুতি নহয় বৰং উন্নয়ন আৰু প্ৰগতিহে বিচাৰে। জনসাধাৰণে কংগ্ৰেছৰ পৃষ্ঠপোষকতা প্রাপ্ত ভুৱা প্ৰতিশ্ৰুতিৰ সংস্কৃতিৰ বিৰুদ্ধে সতৰ্ক হৈ থকা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ ...

November 1, 2024 12:30 PM

views 45

ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ দেৱালীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক পৃথকে পৃথকে সাক্ষাৎ কৰে আৰু তেওঁলোকক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুর্ক শুভেচ্ছা জনোৱাৰ ফটো পোষ্ট কৰি এই কথা প্ৰকাশ কৰে।

November 1, 2024 12:21 PM

views 44

ভাৰত ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ দেৱানি বিধিৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে ভাৰত ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ দেৱানি বিধিৰ দিশে অগ্ৰসৰ হৈছে। গুজৰাটৰ কেৱড়িয়াত কালি ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহক সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে । তেওঁ ধৰ্ম নিৰপেক্ষ দেৱানি বিধিক ভেদভাৱ দূৰ কৰাৰ চাবিকাঠি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ আধাৰৰ সফলতা সকলোৱে প্ৰত্যক্ষ কৰিছে আৰু বিশ্বতো ইয়াক লৈ চৰ্চা হৈছে। তেওঁ কয় যে, পূৰ্বতে দেশত বিভিন্ন কৰ ব্যৱস্থা আছিল আৰু চৰকাৰে এই ব্যৱস্থাসমূহৰ অৱসান ঘটাই এটা কৰ ব্যৱস্থা জি এছ...