November 12, 2024 8:22 AM | narendra modi | PM Modi

printer

উত্তৰাখণ্ডৰ জনতাক ইগাছ উৎসৱ উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ অনিল বালুনিৰ নতুন দিল্লীত থকা বাসগৃহত কালি ইগাছ উৎসৱত ভাগ লয়। উল্লেখযোগ্য যে ইগাছ হৈছে উত্তৰাখণ্ডৰ পৰম্পৰাগত পোহৰৰ উৎসৱ। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে দেশৰ জনসাধাৰণ আৰু উত্তৰাখণ্ডৰ জনতাক এই উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ আনন্দ, সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে, প্রায় বিলুপ্ত হৈ পৰা এই ইগাছ উৎসৱ এতিয়া উত্তৰাখণ্ডৰ লোকসকলৰ বিশ্বাসৰ ভেটি হিচাপে গঢ় লৈ উঠিছে। তেওঁ উত্তৰাখণ্ডৰ লোকসকলক এই পৰম্পৰাগত উৎসৱক জীয়াই ৰখাৰ বাবে কৰা প্ৰচেষ্টাৰ শলাগ লয়। কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই অনুষ্ঠানত ভাগ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।