April 15, 2025 8:16 PM

views 41

পৰৱৰ্তী ১৮ মাহত দেশে পথ আন্তঃগাঁথনিৰ দিশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰকো চেৰ পেলাবঃ নীতিন গাডকাৰী

পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে দেশৰ বাবে আন্তঃগাঁথনিৰ উন্নয়নৰ গুৰুত্বত জোৰ দিছে আৰু প্ৰতি দিনে ১০০ কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সৰ্ব ভাৰতীয় ব্যৱস্থাপনা সংস্থা, এ আই এম এৰ দশম ৰাষ্ট্ৰীয় নেতৃত্ব সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি কয়, যে পৰৱৰ্তী ১৮ মাহত দেশে পথ আন্তঃগাঁথনিৰ দিশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰকো চেৰ পেলাব।

April 10, 2025 8:26 PM

views 45

মধ্যপ্ৰদেশৰ বাদনাৱাৰ-উজ্জইন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি মধ্যপ্ৰদেশৰ বাদনাৱাৰ-উজ্জইন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰে। এই ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতমালা প্ৰকল্পৰ অধীনত মধ্যপ্ৰদেশৰ ধৰ জিলাৰ বাদনাৱাত এহেজাৰ ৩৫২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে। মন্ত্ৰী শ্ৰীগাডকাৰীয়ে ৫ হাজাৰ ৮০০ কোটি টকা ব্যয়সাপেক্ষ ৩২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১০ টা পথ প্ৰকল্পৰ ভূমি পূজন কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে কয়, যে মধ্য প্ৰদেশত ৩৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ৫ টা সেউজ অর্থনীতি কৰ্ডিৰ নিৰ্মাণ কৰা হ'ব। ওম-কাৰেশ্বৰৰ নর্মদা...

April 9, 2025 8:16 PM

views 48

দেশত প্ৰব্ৰজন ৰোধৰ বাবে গ্ৰাম্য ভাৰতক কেন্দ্ৰ কৰি নীতি নিৰ্ধাৰণ কৰাত গুৰুত্ব প্ৰদান নিতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে দেশত প্ৰব্ৰজন ৰোধৰ বাবে গ্ৰাম্য ভাৰতক কেন্দ্ৰ কৰি নীতি নিৰ্ধাৰণ কৰাত গুৰুত্ব প্ৰদান কৰে। নতুন দিল্লীত অনুষ্ঠিত কিশান কুম্ভমেলা ২০২৫ ত অংশগ্রহণ কৰি মন্ত্ৰী শ্ৰীগাডকাৰীয়ে কয়, যে চৰকাৰী নীতিসমূহে গ্ৰাম্য এলেকাৰ খেতিয়ক আৰু দুৰ্বল শ্ৰেণীৰ কল্যান নিশ্চিত কৰাৰ বাবে নিৰ্ধাৰণ কৰা প্ৰয়োজন। মন্ত্ৰী শ্ৰীগাডকাৰীয়ে কয় যে কৃষকসকলে উদ্যমীসকলৰ পৰা নতুন প্ৰযুক্তিৰ বিষয়ে শিকা উচিত। তেওঁ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত কৃষকসকলৰ দক্ষতা আৰু অভিজ্ঞতা আনৰ সৈ...

March 25, 2025 8:41 PM

views 63

দেশত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ ৬০ শতাংশৰো অধিক ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ বুলি নীতিন গাডকাৰীয়ে মন্তব্য

 আমাৰ দেশত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ ৬০ শতাংশৰো অধিক ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ বুলি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মন্তব্য কৰিছে। আজি নতুন দিল্লীত আমেৰিকান চেম্বাৰ অৱ কমাৰ্চৰ পথ সুৰক্ষাৰ বাবে - আমচামৰ প্ৰযুক্তি হস্তক্ষেপ -আমেৰিকা-ভাৰত অংশীদাৰিত্ব শীর্ষক অনুষ্ঠানত ভাষণ দি শ্ৰীগাডকাৰীয়ে এইদৰে প্ৰকাশ কৰে। পথ দুৰ্ঘটনাৰ ফলত দেশে মুঠ ঘৰুৱা উৎপাদনত ৩ শতাংশ লোকচানৰ সন্মুখীন হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে পথ দুৰ্ঘটনা সমস্যাৰ সমাধান উলিওৱাৰ পূৰ্বে ...

March 20, 2025 10:46 AM

views 58

আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাৰ প্রশ্নোত্তৰ কালত কালি অসমৰ কেইবাগৰাকীও সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বিষয়ে সদনক অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৫,৮০০ কোটি টকাৰ ব্যয়েৰে ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিংৰোড প্ৰকল্পৰ কাম ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। তেওঁ কয়, যে গ...

March 19, 2025 8:22 PM

views 74

৪ আৰু ৬ লেনযুক্ত পথ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা ব্যয়ৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৪ আৰু ৬ লেনযুক্ত পথ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। অসমত ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত অসম গণ পৰিষদৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সোধা প্ৰশ্নৰ উত্তৰত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি ৰাজ্যসভাত এইকথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে এনে প্ৰকল্পৰ বাবে টোলৰ জৰিয়তে ৰাজহ আহৰণ কৰি আহিছে যদিও ৰাইজৰ সুবিধাৰ প্ৰতি বিবেচনা কৰি অকল চাৰিটালেনযুক্ত ঘাইপথৰ ক্ষেত্ৰতহে টোল ব্যৱস্থা প্ৰযোজ্য কৰা হৈছে।

March 6, 2025 8:36 PM

views 53

৩০ গৰাকীৰো অধিক মহিলাক সম্বৰ্ধনা লোকমাতা অহিল্যাবাই হ’লকাৰ মহিলা সন্মান অনুষ্ঠানত

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, এখন অগ্রনী সমাজ গঢ়িবলৈ ইয়াৰ নাগৰিকসকলে অস্পৃশ্যতা, জাতি ভিত্তিক বৈষম্য আৰু অসমতাৰ দৰে কাৰক সমূহৰ পৰা নিজকে মুক্ত কৰিব লাগিব। আজি নতুন দিল্লীত লোকমাতা অহিল্যাবাই হ'লকাৰ মহিলা সন্মান অনুষ্ঠানত এইদৰে প্ৰকাশ কৰি শ্ৰী গাডকাৰীয়ে উচ্চ-নীচ ভেদাভেদহীন, সমতাৰ ওপৰত ভিত্তি কৰি সমাজ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে প্ৰতিগৰাকী নাগৰিকে এই কথা মনে-প্রাণে বিশ্বাস কৰা উচিত যে, এগৰাকী ব্যক্তিৰ যোগ্যতা কোনো জাতি, ধর্ম, ভাষা, লিংগ বা তেওঁলোক...

January 17, 2025 10:44 AM

views 51

জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ : কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। INDIAN ROADS@ 2030 : THE SAFE SPACE শীৰ্ষক পথ সুৰক্ষা বিষয়ক দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ প্ৰায় ৬৬ শতাংশই হৈছে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ। চৰকাৰে বাহনৰ পাছৰ আসনত বহা লোকেও ছিটবেল্ট ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ কথা দোহাৰি শ্ৰী গাডকাৰীয়ে ইলেকট্রনিক ব্রেকিং ছিষ্টেমৰ দৰে আধুনিক প্ৰযুক্তি...

January 9, 2025 8:51 PM

views 56

ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে বুলি নীতিন গাডকাৰী প্ৰকাশ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে শক্তিৰ ক্ষেত্ৰত ভাৰত আমদানিকাৰী দেশৰ পৰা ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তিত হ'ব লাগিব। মধ্য প্ৰদেশৰ পিঠামপুৰত নেশ্যনেল অটোম'টিভ টেষ্ট ট্ৰেকত আয়োজিত অনুষ্ঠানত তেওঁ কয় যে ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে। হাইড্ৰজেনক ভৱিষ্যতৰ ইন্ধন বুলি অভিহিত কৰি তেওঁ কয় যে চৰকাৰ আৰু বিভিন্ন অটোম'বাইল কোম্পানীসমূহে এই ক্ষেত্ৰত কাম কৰি আহিছে। দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অটোম'বাইল উদ্যোগৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি কেন্দ্ৰীয় ...

January 8, 2025 1:48 PM

views 53

সৰ্বভাৰতীয়ভাৱে চালক প্রশিক্ষণ প্রতিষ্ঠান স্থাপনৰ বাবে নীতিন গাডকাৰীৰ আঁচনি ঘোষণা

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে সৰ্বভাৰতীয়ভাৱে চালক প্রশিক্ষণ প্রতিষ্ঠান ডিটিআই স্থাপনৰ বাবে এখন আঁচনি ঘোষণা কৰিছে । সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশত দক্ষ চালকৰ অভাৱ দুৰ কৰা আৰু চালকৰ বাবে অধিক প্রশিক্ষণ কেন্দ্র স্থাপনৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ। গাডকাৰীয়ে লগতে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিবহণ মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত পথ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। পৰিবহণ খণ্ডৰ পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বৈঠকত দেশ...