কেন্দ্ৰীয় চৰকাৰে ৪ আৰু ৬ লেনযুক্ত পথ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। অসমত ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত অসম গণ পৰিষদৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সোধা প্ৰশ্নৰ উত্তৰত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি ৰাজ্যসভাত এইকথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে এনে প্ৰকল্পৰ বাবে টোলৰ জৰিয়তে ৰাজহ আহৰণ কৰি আহিছে যদিও ৰাইজৰ সুবিধাৰ প্ৰতি বিবেচনা কৰি অকল চাৰিটালেনযুক্ত ঘাইপথৰ ক্ষেত্ৰতহে টোল ব্যৱস্থা প্ৰযোজ্য কৰা হৈছে।
Assamese | March 19, 2025 8:22 PM | Akashvani News | Assam | Nitin Gadkari
৪ আৰু ৬ লেনযুক্ত পথ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা ব্যয়ৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ