March 6, 2025 8:36 PM | Nitin Gadkari

printer

৩০ গৰাকীৰো অধিক মহিলাক সম্বৰ্ধনা লোকমাতা অহিল্যাবাই হ’লকাৰ মহিলা সন্মান অনুষ্ঠানত

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, এখন অগ্রনী সমাজ গঢ়িবলৈ ইয়াৰ নাগৰিকসকলে অস্পৃশ্যতা, জাতি ভিত্তিক বৈষম্য আৰু অসমতাৰ দৰে কাৰক সমূহৰ পৰা নিজকে মুক্ত কৰিব লাগিব। আজি নতুন দিল্লীত লোকমাতা অহিল্যাবাই হ‘লকাৰ মহিলা সন্মান অনুষ্ঠানত এইদৰে প্ৰকাশ কৰি শ্ৰী গাডকাৰীয়ে উচ্চ-নীচ ভেদাভেদহীন, সমতাৰ ওপৰত ভিত্তি কৰি সমাজ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে প্ৰতিগৰাকী নাগৰিকে এই কথা মনে-প্রাণে বিশ্বাস কৰা উচিত যে, এগৰাকী ব্যক্তিৰ যোগ্যতা কোনো জাতি, ধর্ম, ভাষা, লিংগ বা তেওঁলোকৰ মতাদৰ্শৰ দ্বাৰা নিৰূপন কৰিব নোৱাৰি। অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে সমাজ কল্যাণৰ হকে চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ সফল ৰূপায়ণৰ ওপৰত আলোকপাত কৰে। আজিৰ অনুষ্ঠানত ৩০ গৰাকীৰো অধিক মহিলাক সমাজ সংস্কাৰৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অমূল্য অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।