কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে সৰ্বভাৰতীয়ভাৱে চালক প্রশিক্ষণ প্রতিষ্ঠান ডিটিআই স্থাপনৰ বাবে এখন আঁচনি ঘোষণা কৰিছে । সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশত দক্ষ চালকৰ অভাৱ দুৰ কৰা আৰু চালকৰ বাবে অধিক প্রশিক্ষণ কেন্দ্র স্থাপনৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ। গাডকাৰীয়ে লগতে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিবহণ মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত পথ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। পৰিবহণ খণ্ডৰ পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বৈঠকত দেশৰ পথ আৰু পৰিবহণ খণ্ডত পৰিৱৰ্তন অনাৰ বাবে বিভিন্ন পদক্ষেপ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।
Assamese | January 8, 2025 1:48 PM | Nitin Gadkari
সৰ্বভাৰতীয়ভাৱে চালক প্রশিক্ষণ প্রতিষ্ঠান স্থাপনৰ বাবে নীতিন গাডকাৰীৰ আঁচনি ঘোষণা