কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে দেশত প্ৰব্ৰজন ৰোধৰ বাবে গ্ৰাম্য ভাৰতক কেন্দ্ৰ কৰি নীতি নিৰ্ধাৰণ কৰাত গুৰুত্ব প্ৰদান কৰে। নতুন দিল্লীত অনুষ্ঠিত কিশান কুম্ভমেলা ২০২৫ ত অংশগ্রহণ কৰি মন্ত্ৰী শ্ৰীগাডকাৰীয়ে কয়, যে চৰকাৰী নীতিসমূহে গ্ৰাম্য এলেকাৰ খেতিয়ক আৰু দুৰ্বল শ্ৰেণীৰ কল্যান নিশ্চিত কৰাৰ বাবে নিৰ্ধাৰণ কৰা প্ৰয়োজন। মন্ত্ৰী শ্ৰীগাডকাৰীয়ে কয় যে কৃষকসকলে উদ্যমীসকলৰ পৰা নতুন প্ৰযুক্তিৰ বিষয়ে শিকা উচিত। তেওঁ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত কৃষকসকলৰ দক্ষতা আৰু অভিজ্ঞতা আনৰ সৈতে বিনিময় কৰাৰ বাবে আহ্বান জনায়।
Assamese | April 9, 2025 8:16 PM | Nitin Gadkari
দেশত প্ৰব্ৰজন ৰোধৰ বাবে গ্ৰাম্য ভাৰতক কেন্দ্ৰ কৰি নীতি নিৰ্ধাৰণ কৰাত গুৰুত্ব প্ৰদান নিতিন গাডকাৰীৰ