August 28, 2025 8:28 PM

views 68

নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ’ব

নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ'ব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি নাৱেৰে কলঙৰ অবৈধভাৱে দখল কৰা অঞ্চল পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে অবৈধভাৱে দখল কৰা অঞ্চলসমূহ নিৰ্দিষ্ট সময়ত খালী নকৰিলে বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কলঙৰ মাটি ম্যাদী কৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰি জিলা আয়ুক্তগৰাকীয়ে নৈখন প্ৰদূষিত কৰাসকলক সকিয়াই দিয়ে। আয়ুক্তগৰাকীয়ে শৌচালয়ৰ টেংকি আঁতৰাই নিনিলে এনে লোক গ্ৰেপ্তাৰ পৰ্যন্ত হ'ব পাৰে বুলি মন্তব্য কৰে।

August 19, 2025 8:16 PM

views 70

নগাঁৱৰ দখলীকৃত ভূমিত শীঘ্ৰে উচ্ছেদ অভিযান চলিব বুলি কৃষ্ণেন্দু পালৰ ঘোষণা

নগাঁৱৰ দখলীকৃত ভূমিত শীঘ্ৰে উচ্ছেদ অভিযান চলিব বুলি জিলাখনত অভিভাৱক মন্ত্রী কৃষ্ণেন্দু পালে ঘোষণা কৰিছে। জিলাখনত ১৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ'ব বুলি ইতিমধ্যে জাননী জাৰি কৰা হৈছে । আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। জিলাখনত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লৈ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰ সদায় তৎপৰ বুলি অভিহিত কৰে ।

August 4, 2025 8:08 PM

views 69

নগাঁৱৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ এজন যুৱকৰ মৃত্যু

নগাঁও জিলাৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ আজি পুৱা এজন যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাওখোৱা ৰোডৰ ২১ বছৰীয়া ছনায়াম জৈন বুলি জানিব পৰা গৈছে। পুৱা গা ধুবলৈ গৈ যুৱকজন পানীত বুৰ যোৱাৰ পাছত এছ ডি আৰ এফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

June 2, 2025 7:58 PM

views 60

বানৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা প্রশাসনৰ ১১৫ খন বিদ্যালয় স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি

নগাঁও জিলা প্রশাসনে বানৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ ১১৫ খন বিদ্যালয় স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। জিলাখনত সাম্প্রতিক বানত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ উপৰি ভালেসংখ্যক বিদ্যালয় বানত বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্র-ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে।

April 25, 2025 8:47 PM

views 72

নগাঁৱত বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাৰ্যসূচী পৰিদৰ্শন বিশ্ব খাদ্য কাৰ্যসূচীৰ প্ৰদেশ সঞ্চালক এলিজাবেথ ফওৰেৰ সৈতে প্রতিনিধি দলৰ

নৰৱে’ৰ ৰাষ্ট্রদূত মে’ এলিন ষ্টেনাৰ আৰু বিশ্ব খাদ্য কাৰ্যসূচীৰ প্ৰদেশ সঞ্চালক এলিজাবেথ ফওৰেৰ সৈতে এটা প্রতিনিধি দলে আজি নগাঁও জিলাত বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাৰ্যসূচী পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোক জিলা আয়ুক্ত কাৰ্যালয়ত আদৰণি জনোৱা হয়। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী আৰু অসম কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয় তথা নৰৱে' দূতাবাসৰ সমৰ্থনত কঠিয়াতলি গাঁও পঞ্চায়তৰ জুমুৰমুৰ গাঁৱত ৰূপায়ণ হৈ থকা প্ৰকল্পটো পৰিদৰ্শন কৰে। শ্ৰীমতী ষ্...

February 14, 2025 8:12 PM

views 64

বানৰ সময়ত ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত প্রথমখন প্রস্তুতিমূলক সভা

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ বানৰ সময়ত ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত প্রথমখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৰাজহচক্ৰ বিষয়াসকলক তেওঁলোকৰ ৰাজহ অঞ্চলসমূহত বান প্ৰতিৰোধৰ বাবে কাৰ্য পৰিকল্পনা প্রস্তুত কৰি অনতিপলমে দাখিল কৰিবলৈ নির্দেশ দিয়ে। তেওঁ লগতে সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

February 11, 2025 2:56 PM

views 57

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন কৰিছে। দেশৰ আগশাৰীৰ ১৫ খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এই মেলাত অংশ লৈছে। আজি পুৱা বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন মুকলি কৰে। মেলাৰ অংশ হিচাপে তিনিখন আলোচনাসত্ৰৰ আয়োজন কৰা হৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দানৰ বাবে আয়োজিত এই মেলাত ফেশ্বন ডিজাইনিং, এনিমেছন, বিমান পৰিবহন, পর্যটনকে ধৰি বিভিন্ন নতুন পাঠ্যক্রম সম্পর্কে আভাস দিয়া হ'ব। মেল...

January 22, 2025 8:37 PM

views 66

নগাঁৱত ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰ

নগাওঁ জিলাৰ ৰূপহীহাটৰ ভকতগাওঁ খেলপথাৰৰ ওচৰত যোৱা নিশা আৰক্ষীৰ এটা দলে অভিযান চলাবলৈ যাওতে এটা ৫ জনীয়া ড্ৰাগছ মাফিয়াৰ দলে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰক অপহৰণ কৰিবলৈকো চেষ্টা চলায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খলিলুৰ ৰহমান আৰু ৰাকিবুল হুছেইন নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে যদিও আন তিনিজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

December 13, 2024 6:32 PM

views 87

নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক

নগাঁও জিলাৰ মৰিকলং আৰক্ষীয়ে কালি নিশা নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক কৰে। আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কণ্টেনাসহ প্রায় ৮৫৩ টা নিষিদ্ধ টেবলেট আৰু নগদ ধন জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

September 6, 2024 9:07 PM

views 82

নগাওঁ মহাবিদ্যালয়ে নিজাববীয়াকৈ যন্ত্ৰৰ জৰিয়তে এড়ি সূতাৰ আহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰনৰ প্ৰশিক্ষণৰ ব্যৱস্থা

নগাওঁ মহাবিদ্যালয়ে নিজাববীয়াকৈ নগাঁও, মৰিগাওঁ আৰু কাৰ্বি আংলঙৰ কৃষকসকলক যন্ত্ৰৰ জৰিয়তে এড়ি সূতাৰ আহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰনৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। ৰাজ্যৰ বাহিৰত থলুৱা এড়ি মুগাৰ বৃহৎ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি থলুৱা উদ্যোগটোক অধিক শক্তিশালী কৰাৰ মানসেৰে দীৰ্ঘদিন ধৰি নগাওঁ মহাবিদ্যালয়ে এই ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশসস্বৰূপে মহাবিদ্যালয়খনত কৃষকসকলক মটৰযুক্ত সূতা কটা যন্ত্ৰ প্ৰদান কৰা হয়।